ডিঙি কাটি হত্যা! ৫ বছৰৰ অন্তত বিশেষ ৰায় আদালতৰ…

ডিঙি কাটি হত্যা! ৫ বছৰৰ অন্তত বিশেষ ৰায় আদালতৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামৰীস্থ জিলা সত্ৰ ও ন্যায়াধীশ আদালতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে ।

Advertisment

হত্যাকাণ্ডৰ অভিযোগত আছামী এগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড বিহে । যাৱজ্জীৱন কাৰাদণ্ডিত আছামী গৰাকী মানকাচৰৰ থানাৰ অন্তৰ্গত চোমৰাশালী গাওঁৰ মুকুল শ্বেখ ।

মুকুল শ্বেখে ২০১৭ চনৰ ২৫ জুনত একেখন গাঁওৰে মোকছেদুৰ ৰহমান নামৰ ১৭ বছৰীয়া যুৱক এজনক ডিঙি কাটি হত্যা কৰিছিল। পাঁচ বছৰ মুৰত আজি আদালতে গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

আদালতৰ এই ৰায়দানক মোকছেদুৰ ৰহমানৰ পৰিয়ালে সন্তষ্টি প্ৰকাশ কৰে। জিলা খনত নতুনকৈ স্থাপন হোৱা আদালতৰ এই ৰায়দান প্ৰথম ৰায়দান।

আৰু পঢ়ক: চোৰে ৰেহাই নিদিলে নামঘৰ, শিৱস্থান, সংবাদকৰ্মীৰ বাসগৃহ…

assam Assam police murder case