৬ হত্যাকাৰীৰ বিৰুদ্ধে বিলাসীপাৰাত অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান

৬ হত্যাকাৰীৰ বিৰুদ্ধে বিলাসীপাৰাত অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,বিলাসীপাৰা: বিলাসীপাৰাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে বৃহস্পতিবাৰে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে |

Advertisment

৬ জনকৈ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰি যুগান্তকাৰী ৰায়দান প্ৰদান কৰিছে | অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ বৰ্ণালী মহন্তই প্ৰদান কৰে এই ৰায়দান । ৰায়দানত হত্যাৰ বলি হোৱা দুৰ্ভগীয়া পৰিয়ালটিৰ লগতে বিভিন্ন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে ।

কাৰাদণ্ডৰে দণ্ডিত অভিযুক্ত কেইজন ক্ৰমে- আমিৰ আলী ,বদিয়াল জামান , জয়নাল আবেদীন , স্বাহ জামাল সেখ , আব্দুল আৱাল সেখ আৰু ছুৰমান আলী |

উল্লেখ্য যে ভুমিকেন্দ্ৰিক বিবাদৰ বাবে যোৱা ২০১৩ চনৰ ১৬ আগষ্ট সন্ধিয়া চোকা অস্ত্ৰৰে হত্যা কৰিছিল ৰুনজুন হক নামৰ যুৱক জনক ।

পেশাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী (MPW) ৰুনজুন হকে সিদিনা তেওঁৰ ভাতৃ মুনমুন হক সৈতে চাপৰৰ পৰা খেৰডুবী গাঁৱত থকা নিজ গৃহ অভিমুখে গৈ আছিল | তেনে সময়তে পুৰ্বৰে পৰা খাপ পিটি থকা হত্যাকাৰী কেইজনে দুয়ো ভাতৃক আগুচি ধৰি চোকা অস্ত্ৰৰে হানি খুচি পেলাই থৈ যায় | এই ঘটনাত চিকিৎসালয় লৈ নিয়াৰ পথত ৰুনজুন হক মৃত্যু মুখত পৰে যদিও তেওঁৰ ভাতৃ মুনমুন হক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছিল |

পিছত ঘটনা সন্দৰ্ভত ৰুনজুন হকৰ পৰিয়ালৰ লোকে চাপৰ আৰক্ষী থানাৰ গোচৰ তৰে । আৰক্ষীয়ে থানা খনত ৩১০/২০১৩ নম্বৰত আৰু ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ১৪৭/১৪৮/১৪৯/৩৪১/৩২৩/৩০৭/৩০২ আৰু ৩৪ ধাৰাত গোচৰ পঞ্জীয়ন ভুক্ত কৰে ।

পৰৱৰ্তী সময়ত বিলাসীপাৰা ন্যায়িক আদালতত ১০৯/২০১৫ নম্বৰ গোচৰ ৰুজু কৰি শুনানি গ্ৰহণ আৰম্ভ কৰে । কিন্তু আজি গোচৰটোৰ অন্ত পেলাই হত্যাকাৰী ৬ জনক অতিৰিক্ত সত্ৰ ন্যায়াধীশ গৰাকীয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহে ।

হত্যাকাৰী সকলৰ হৈ আদালতত যুক্তি দৰ্শাইছিল ধুবুৰীৰ অধিবক্তা গিয়াছ উদ্দীন আহমেদে আৰু হত্যাৰবলি ৰুনজুন হকৰ পৰিয়ালৰ হৈ যুক্তি দৰ্শাইছিল চৰকাৰী অধিবক্তা তপন ভট্টাচাৰ্যই |সত্ৰ ন্যায়াধীশ গৰাকীৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ ভুক্তভোগী পৰিয়ালটিৰ স্থানীয় বিভিন্ন মহলে ।

assam murder case