/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/murder.png)
ডিজিটেল সংবাদ,কলিয়াবৰ: কোন পথে ধাবমান হৈছে নৱপ্ৰজন্ম ? ১০০ টকাৰ ড্ৰাগছৰ বাবেই ড্ৰাগছ মাফিয়াৰ সৈতে লগ লাগি সতীৰ্থই হত্যা কৰিলে এজন যুৱকক ।
অৱশেষত কলিয়াবৰৰ চুলুং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় তেজপুৰৰ চানমাৰীৰ দিগন্ত দাস (২৮) হত্যাৰ মূল অভিযুক্ত তথা ড্ৰাগছ মাফিয়া আব্দুল মালেক।
কলিয়াবৰৰ আমবাগানৰ ৪ নং ভূৰবন্ধাৰ পৰা ড্ৰাগছ মাফিয়া আব্দুল মালেকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে ঘটনাৰ সবিশেষ তথ্য। ঘটনাৰ বিৱৰণী অনুসৰি ২০২১ বৰ্ষৰ বৰদিনৰ আগনিশা তীৰ্থাংকৰ ৰয় নামৰ এজন বন্ধুৰ সৈতে আম বাগানৰ আব্দুল মালেকৰ ঘৰত ড্ৰাগছ সেৱন কৰিবলৈ আহিছিল দিগন্ত দাস। তাতেই ১০০ টকাৰ ড্ৰাগছৰ বাবেই সংঘাত সৃষ্টি হয় দিগন্ত, তীৰ্থাংকৰ আৰু ড্ৰাগছ মাফিয়া আব্দুল মালেকৰ মাজত।
এই সংঘাতৰ পাছতে তীৰ্থাংকৰ আৰু আব্দুল মালেকে মিলি এখন কুঠাৰৰে মূৰত মৰিয়াই হত্যা কৰে দিগন্তক। উক্ত নিশাই মৃতদেহটো চুলুঙৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলাই থৈ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা চলাই হত্যাকাৰীয়ে।
২৫ ডিচেম্বৰৰ পুৱা কলিয়াবৰৰ চুলুঙত উদ্বাৰ হৈছিল দিগন্তৰ মৃতদেহ । লগতে উদ্ধাৰ হৈছিল দিগন্ত দাসৰ এ এছ ০১ ডি এইচ ৭৪৫৪ নম্বৰৰ বাইকখন। চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল কুমাৰ দেৱনাথে পুংখানুপুংখ ভাৱে ঘটনাৰ অনুসন্ধান কৰি ইতিমধ্যে হত্যাকাণ্ডত জড়িত তীৰ্থাংকৰক আটক কৰাৰ পিছতে ঘটনাৰ লগত ড্ৰাগছৰ যোগসূত্ৰ পোহৰলৈ আহে।
অৱশেষত চুলুং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় আমবাগানৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেক। আব্দুল মালেকৰ গ্ৰেপ্তাৰৰ পিছতেই মাত্ৰ ১০০ টকাৰ ড্ৰাগছৰ বাবেই যে এই হত্যাকাণ্ড সংঘটিত হৈছিল সেই কথা স্পষ্ট হৈ পৰিছে।