উৎকোচ বিছাৰি নিলম্বন হ’ল বিন্নাকান্দি উন্নয়ন খণ্ডৰ জিপিচি…

উৎকোচ বিছাৰি নিলম্বন হ’ল বিন্নাকান্দি উন্নয়ন খণ্ডৰ জিপিচি…

author-image
asomiyapratidin
New Update
উৎকোচ বিছাৰি নিলম্বন হ’ল বিন্নাকান্দি উন্নয়ন খণ্ডৰ জিপিচি…

ডিজিটেল সংবাদ ,মোৰাঝাৰ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ধনদাবীৰ অভিযোগত বিন্নাকান্দি ব্লকৰ কৰ্মচাৰী নিলম্বন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গ্ৰামোন্নয়ন বিভাগে নিলম্বন কৰিলে নমাটি গাওঁ পঞ্চায়তৰ GPC শৈলেন্দ্ৰ বৰাক ৷ শৈলেন্দ্ৰ বৰাৰ ধন দাবীৰ কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হোৱাত হোজাই জিলাত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মোৰাঝাৰ গাওঁ পঞ্চায়তত কৰ্মৰত অৱস্থাতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত বিভিন্ন জনৰ পৰা লৈছিল ধন শৈলেন্দ্ৰ বৰা আৰু এটা দুষ্ট চক্ৰই ।

Advertisment

ৰাইজৰ অভিযোগৰ ভিত্তিত বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীয়েও মোৰাঝাৰ থানাত তৰিছিল গোচৰ ৷ উচ্চ ন্যায়ালয়ৰ পৰা GPC শৈলন্দ্ৰ বৰাই জামিন লৈ পুনৰ চৰকাৰী ঘৰ দিয়াৰ নামত আৰাম্ভ কৰিছিল ধন সংগ্ৰহ ৷ হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত CPRD/PMAY-G/68/2021/35 অৰ্ডাৰ যোগে শুকুৰবাৰে শৈলেন্দ্ৰ বৰাক ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগে চাকৰিৰ পৰা নিলম্বন কৰে যদিও দালালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মোৰাঝাৰ গাওঁ পঞ্চায়তৰ তদানীন্তন জিপিচি শৈলেন্দ্ৰ বৰাৰ নেতৃত্বত মোৰাঝাৰ গাওঁ পঞ্চায়তৰ পি এম ৱাইৰ প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰি এজনৰ নামত আৱন্টিত গৃহৰ ধন দুষ্ট চক্ৰৰ লগত মিলি কেবাটাও চৰকাৰী গৃহৰ ধন বেলেগৰ একাউণ্টৰ জৰিয়তে আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহিছিল। শুকুৰবাৰে গ্ৰামোন্নয়ন বিভাগে এক নিৰ্দেশ যোগে নিলম্বন কৰে যদিও চৰকাৰী ধন আত্মসাৎ কৰা একাংশ দালালে মোৰাঝাৰত দপদপনি অব্যাহত ৰাখিছে।

আৰু পঢ়ক : যমুনা জলসিঞ্চন প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা উজ্জ্বল বুঢ়াগোহাঁইৰ বিৰুদ্ধে উপায়ুক্তক অভিযোগ…

assam Assam police himanta biswa sarma bjp