মোৰাঝাৰত উলহ-মালহেৰে উদযাপন আজাদি কা অমৃত মহোৎসৱ…

মোৰাঝাৰত উলহ-মালহেৰে উদযাপন আজাদি কা অমৃত মহোৎসৱ…

author-image
asomiyapratidin
New Update
মোৰাঝাৰত উলহ-মালহেৰে উদযাপন আজাদি কা অমৃত মহোৎসৱ…

ডিজিটেল সংবাদ, মোৰাঝাৰ : সমগ্ৰ দেশৰ লগতে হোজাই জিলাৰ মোৰাঝাৰতো আজাদী কি অমৃত মহোৎসৱ উলহ মালহেৰে উৎযাপন কৰা হয় ৷ স্বেচ্ছাসেৱী সংগঠন মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চৰ উদ্যোগত আৰু হোজাই জিলা প্ৰশাসনৰ সহযোগত মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

Advertisment

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিদ্যালয় কেইখন হৈছে – মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২টা দল, নিউ হুপ ইংলিছ একাডেমী, দ্যাএভিনিউ ইংলিছ একাডেমী, জ্ঞান জ্যোতি একাডেমী,মোৰাঝাৰ মডেল চিনিয়ৰ চেকেণ্ডেৰী স্কুল, ব্ৰাইট ফিউচাৰ একাডেমী, জাতীয় একাডেমী মোৰাঝাৰ, বৰহাৱৰ একে আজাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইউনিভাৰ্ছেল একাডেমী বৰহাৱৰ, পদুমনি জাতীয় বিদ্যালয়, আল-হাছান একাডেমী।

প্ৰগতিশীল যুৱ মঞ্চ আৰু হোজাই জিলা প্ৰশাসনে আয়োজন কৰা কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে ব্ৰাইট ফিউচাৰ একাডেমীয়ে। দ্বিতীয় স্থান দখল কৰে জ্ঞান জ্যোতি একাডেমী মোৰাঝাৰ আৰু তৃতীয় স্থান দখল কৰে ইউনিভাৰ্ছেল একাডেমী বৰহাৱৰে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা দলক হোজাই জিলা উপায়ুক্তই নগদ ধন আৰু মান প্ৰত্ৰ প্ৰদান কৰে।

আৰু পঢ়ক : স্বাধীনতা দিৱসত দিল্লী দূৰদৰ্শনত সম্প্ৰচাৰিত হ'ব ৰঞ্জন বেজবৰুৱাৰ সংস্কৃতৰ 'জয় ভাৰতী, বন্দে ভাৰতী'…

assam murajhar ajadi ka amrit mahutsav