সংবাদ মাধ্য়মৰ ওপৰত বিশ্বগুৰুৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ হ’ল…

সংবাদ মাধ্য়মৰ ওপৰত বিশ্বগুৰুৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ হ’ল…

author-image
asomiyapratidin
New Update
সংবাদ মাধ্য়মৰ ওপৰত বিশ্বগুৰুৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ হ’ল…

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টি ভিক কৰ্তৃপক্ষক নজনোৱাকৈয়ে বক্ৰ পথেৰে পুঁজিপতি আদানিয়ে ক্ৰয় কৰিলে। বিমান বন্দৰ, ৰে'লৱে ষ্টেচন, ঘাইপথ, কয়লাখনিকে ধিৰ এফালৰ পৰা দেশৰ সকলো সম্পত্তি ক্ৰয় কৰি নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰা আদানিৰ এই কাৰ্যই গণতন্ত্ৰৰ চতুৰ্থস্তম্ভৰ ওপৰত আঘাত হনা বুলিও চৰ্চা চলিছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ মোৰ মত শিতানত বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদ ড০ অপূৰ্ব কুমাৰ বৰুৱাৰ এই লেখা।

আম্বানিৰ সহায়ত আদানিয়ে এক অন্যায় আৰু ষড়যন্ত্ৰৰ মাধ্যমেৰে NDTV দখল কৰিলে। NDTV আছিল একমাত্ৰ ৰাষ্ট্ৰীয় চেনেল যি সন্তুলিত সমালোচনাৰে ফেচিষ্ট শাসকক নিয়ন্ত্ৰণত ৰখাৰ অহৰহ চেষ্টা কৰিছিল। জি এছ টি, বিমুদ্ৰাকৰণ, বৃহৎ ব্যৱসায়ীক টেক্স ৰেহাই দি জনতাক মাধমাৰ মৰা সাংবিধানিক সংস্থা বোৰক চৰকাৰৰ বহতীয় কৰি নাগৰিকক ন্যায় পোৱাত বাধা দিয়া আদিৰ দৰে কথাবোৰৰ এই চেনেলে সমালোচনা কৰিছিল।

NDTV নিজৰ দখললৈ নিয়াৰ বাবে এই দুই প্ৰতিদ্বন্দ্বী আদানি-আম্বানিৰ মিলনত ষড়যন্ত্ৰৰ গোন্ধ আছে। যি নহওক NDTV আদানিৰ হাতলৈ যোৱাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিডিয়াৰ ওপৰত বিশ্ব গুৰুৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ হ'ল। এতিয়া অসমীয়াৰ দৰে সৰু ভাষাৰ ক্ষেত্ৰীয় চেনেল আৰু কাকত বোৰো কিনিব। যাতে চৰকাৰৰ সমালোচনা অসম্ভৱ হৈ পৰে।

গণতন্ত্ৰৰ চতুৰ্থস্তভৰ হত্যাকাৰী এই চৰকাৰ বিৰুদ্ধে বৌদ্ধিক সমাজ থিয় হওক। কাৰণ এই সমাজেই জনমত গঠন কৰি ৰাইজৰ জীৱিকা আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰি ভাৰতক সুৰক্ষিত ৰাখিব পাৰে। অলপ মাত্ৰ সময় আছে। ইয়াৰ পাছত ভাৰত ৰাষ্ট্ৰক একত্ৰিত কৰি ইয়াৰ বিভিন্নতাৰ মাজত ঐক্য জীয়াই ৰখা অসম্ভৱ হ'ব।