আছু নহয় এইবাৰ ভাষা-জাতি ৰক্ষাৰ ঠিকা এবিভিপিক!…

আছু নহয় এইবাৰ ভাষা-জাতি ৰক্ষাৰ ঠিকা এবিভিপিক!…

author-image
asomiyapratidin
New Update
আছু নহয় এইবাৰ ভাষা-জাতি ৰক্ষাৰ ঠিকা এবিভিপিক!…

অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ এতিয়া সৰব চৰ্চা। দিল্লী নে অসমৰ স্কুল উন্নত তাক লৈয়ো চলিছে আলোচনা। বিশিষ্ট চিন্তবিদ ড০ হীৰেণ গোহাঁয়ে এই সমগ্ৰ বিষয়টোক লৈ কটাক্ষ কৰি লিখা এই লেখা এইবাৰৰ মোৰ মত শিতানত আগবঢ়োৱা হৈছে।

Advertisment

অসমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত দিল্লীৰ স্কুলৰ ওপৰত টেক্কা মাৰি ইংৰাজীতে গণিত আৰু বিজ্ঞান পঢ়োৱাৰ অভিনৱ আয়োজন কৰা হৈছিল। বোধহয় অসমীয়া ভাষাও ইংৰাজী মাধ্যমত শিকোৱাৰ অত্যাধুনিক ব্যৱস্থা কৰা হ'লহেতেন।

বুৰ্বক অসমীয়া মখাই দিলে নহয় গোলমাল লগাই। আছুৰ দ্বাৰা তৰ্জন‌ গৰ্জন‌ কৰাই তাৰ চোক মাৰিব পৰা গ'লহেতেন। কিন্তু অসমীয়া মখাই আছুক বৰ বিশ্বাসত লোৱা নাই। পুলিচৰ বেষ্টনীত ৰাখিও লাভ নহ'ল। সেয়ে নতুন কেৰামতী। ইমান দিনে শুই থকা এবিভিপিক জগোৱা হ'ল। তেওঁলোকৰ এটা আবেদনতে মুখ্যমন্ত্ৰী তুষ্ট হৈ তথাস্তু বুলি অত্যাধুনিক পদ্ধতি উঠাই ল'লে। ঘৰৰ মানুহৰে অনুৰোধ।

আশা কৰা হৈছে কানিয়া অসমীয়া মখাই এতিয়াৰ পৰা দেশ, জাতি, ভাষা ৰক্ষাৰ ঠিকা এবিভিপিকে চমজাই দি আৰাম কৰিব, আগতে আছুক দিয়াৰ দৰে। "আকৌ এবাৰ তাজ্জব হোৱাৰ আহিছে সময় হোৱা হুছিয়াৰ!"

এইবাৰ দিল্লী চৰকাৰক আচল বিহু দেখুৱাবলৈ গাঁৱত ইংৰাজী মাধ্যমৰ ৰাজহুৱা স্কুল খোলা হ'ব। কৃপাবৰ বৰুৱাৰ দৰে ফ্ৰাইৎ ফ্ৰৌৎ ইংৰাজী ক'বলৈ পাই অসমীয়া লেৰকা-বাচ্ছাই মাক-বাপেকৰ চকু টেলেকা কৰিব।

পিছে দুদিনতে দম ছুটি গৈ হিন্দীতে কাম চলাই দিব। গুৱাহাটীৰ বহু ইংলিছ মিডিয়াম স্কুলত এতিয়া কাম কাজ হিন্দীতে চলে। উত্তৰ প্ৰদেশৰ নিবনুৱা যুৱকৰ বাবে অসমৰ বিজেপিৰ প্ৰাণে কান্দে। শিক্ষক হিচাপে তেওঁলোকৰো সংস্থাপন হ'ব আৰু  খাৰ খোৱা অসমীয়াও হিন্দী বা হিংলিছত পাৰ্গত হৈ মহান ভাৰতত লীন হৈ যাব। ইয়াতকৈ ডাঙৰ কৃতিত্ব কি হ'ব পাৰে?

So অছমিয়া ভায়ো ঔ'ৰ বহনো! আপ understand কিজীয়ে অছমিয়াৰ কুদৰত কিমান চমৎকাৰ and তমস্কাৰ। So অছমিয়া ভাছা টোৰ কিছু  loss হ'ব পাৰে। লেকিন বিন্দাছ ভি হো যায়েগা? ন?

assam himanta biswa sarma