মুছলপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত আৰক্ষী ভৱন উদ্বোধন…

মুছলপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত আৰক্ষী ভৱন উদ্বোধন…

author-image
asomiyapratidin
New Update
মুছলপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত আৰক্ষী ভৱন  উদ্বোধন…

ডিজিটেল সংবাদ বাক্সাঃ  বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত আৰক্ষী ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ অসম চৰকাৰৰ "মৈত্ৰী আঁচনি" (MOITRI scheme) ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই ভৱনটো ৷ অনুষ্ঠানত উপস্থিত থাকি ভাস্কৰজ্যোতি মহন্তই কয় যে, অসমত প্ৰথম পৰ্যায়ত ৭৫ খন আৰক্ষী থানা মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত ৫৯ খন নিৰ্মাণ কৰা হৈছে ৷ এই নতুনকৈ নিৰ্মিত থানাৰ ভৱন জনতাৰ লগতে আৰক্ষীৰ মাজতো কাম কৰাৰ বাবে এক সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰিব বুলি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে ৷

Advertisment

সাধাৰণ লোক আৰু মহিলাসকলে আৰক্ষী থানালৈ আহিবলৈ ভয় কৰিব নালাগে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, আৰক্ষীয়ে সদায় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ ৷ তেওঁ লগতে মুছলপুৰ আৰক্ষী থানাখন সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ থানাৰ বিষয়াসকলক আহ্বান জনায় । কিয়নো ৰাইজে থানাত আহি যাতে আনন্দ অনুভৱ কৰে ৷

ইয়াৰোপৰি বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে । তদুপৰি ড্ৰাগছ আৰু ৰাজ্যত সংঘটিত অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান সদায় চলিব বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্ম, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই, বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, অসম আৰক্ষীৰ গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ অৰবিন্দ কলিতা, উপায়ুক্ত আয়ুস গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, ২৪ নং অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট প্ৰশান্ত সাগৰ চাংমাই, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল প্ৰতীম বৰুৱা, উপ-আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাৰ লগতে একাংশ শীৰ্ষ আৰক্ষী বিষয়াসকল।

assam Assam police himanta biswa sarma