বিহপুৰীয়াত বিজেপি কংগ্ৰেছৰ প্ৰাৰ্থী তালীকা প্ৰকাশ : মিত্ৰজোঁটক উপেক্ষা শাসকীয় দলৰ…

বিহপুৰীয়াত বিজেপি কংগ্ৰেছৰ প্ৰাৰ্থী তালীকা প্ৰকাশ : মিত্ৰজোঁটক উপেক্ষা শাসকীয় দলৰ…

author-image
asomiyapratidin
New Update
বশিষ্ঠ আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী…

ডিজিটেল সংবাদ বিহপুৰীয়া: পৌৰসভা নিৰ্বাচনৰ বাবে বিহপুৰীয়া পৌৰসভাৰ প্ৰাৰ্থী তালিকাসমূহ শাসক দল বিজেপিৰ লগতে বিৰোধী দল কংগ্ৰেছে সোমবাৰে সন্ধিয়া ঘোষণা কৰিছে ৷ বিশেষকৈ বিসম্বাদৰ ভয়তে বিজেপিয়ে প্ৰাৰ্থী তালীকা ঘোষণাত যথেষ্ট বিলম্ব কৰা বুলি চৰ্চা অব্যাহত থকাৰ সময়তে অৱশেষত অতি কৌশলেৰে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে বিজেপিয়ে ৷

Advertisment

জানিব পৰা মতে বিহপুৰীয়া পৌৰসভাৰ বিগত কাৰ্যকালৰ উপ-সভানেত্ৰী তনুশ্ৰী গগৈ, ৱাৰ্ড সদস্যা সীমা পাল আৰু বিজেপিৰ বিহপুৰীয়া নগৰ মণ্ডলৰ সভানেত্ৰী তথা বিহপুৰীয়া লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষা কুসুম পাটগিৰিক বঞ্চিত কৰি প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ বাবেই সৃষ্টি হোৱা তীব্ৰ বিসম্বাদ ৰোধৰ স্বাৰ্থতেই বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশত বিলম্ব কৰে ৷

জানিব পৰা মতে বিজেপিয়ে বিহপুৰীয়া পৌৰসভাৰ এক নম্বৰ ৱাৰ্ডৰ পৰা ক্ৰম অনুসৰি ৰীতা শৰ্মা ভড়ালী, শ্বেখ বাবৰ, দ্বিপশিখা বৰা, জানমনি হাজৰিকা, মিন্টু গগৈ, দিপা চেটাৰ্জী,দিপক সৰকাৰ, ৰূপালী লোধ দে,কুকি শৰ্মা আৰু কেশৰাম ভূঞাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। সেইদৰে বিহপুৰীয়া ব্লক কংগ্ৰেছে প্ৰকাশ কৰা প্ৰাৰ্থী তালীকাৰ এক নম্বৰ ৱাৰ্ডৰ পৰা ক্ৰম অনুসৰি নিবেদিতা মুদৈ, সুবিৰ কৰ, নিৰঞ্জন গগৈ, প্ৰণিতা শইকীয়া, নয়নজ্যোতি ভূঞা, অনিমা দাস, দুলাল বিশ্বাস, উৰ্মীলা বাছফৰ, বিজু কাকতি, আৰু মৃদুল গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷

ইপিনে বিজেপিয়ে মিত্ৰজোঁটৰ অংশীদাৰ অগপক বিহপুৰীয়া পৌৰসভাৰ এখনো আসন এৰি নিদিয়াত বিহপুৰীয়া অগপত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ লখিমপুৰ জিলা বিজেপিয়ে তিনিখনকৈ আসন অগপক এৰি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই এখন আসনো অগপক এৰি দিবলৈ সন্মত নহ'ল ৷

জানিব পৰামতে বিহপুৰীয়াৰ ৫ নম্বৰ ৱাৰ্ডত অগপৰ মাধূৰ্য্য বৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হ'ব ৷ উল্লেখযোগ্য যে শাসকীয় দলৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই সম্পূৰ্ণ একনায়কত্ববাদী মনোভাৱেৰে মিত্ৰজোঁটৰ অংশিদাৰ অগপক এখনো আসন এৰি নিদিয়াত এতিয়া অগপই শাসকীয় দলটোক তীব্ৰ প্ৰত্যাহ্বান জনাবৰ বাবে প্ৰস্তুত হৈছে ৷

আনহাতে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত বহুকেইগৰাকী বিজেপি প্ৰাৰ্থীয়ে কাইলৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাবে মনোনয়নপত্ৰ দাখিলৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷ বিৰোধী দল কংগ্ৰেছে শাসকীয় মিত্ৰজোঁটৰ মাজত সৃষ্টি হোৱা বিসম্বাদৰ সুযোগ গ্ৰহণ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে ৷

assam himanta biswa sarma congress bjp