/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/DHOKUAKHANA-CONGRESS.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ সমাগত পৌৰসভা নিৰ্বাচন কেন্দ্ৰীক দলীয় তৎপৰতাই চুই গৈছে ঢকুৱাখনাৰ বিভিন্ন ৰাজনৈতিক দলসমূহক। শাসক বিৰোধী সকলো ৰাজনৈতিক দলেই ঢকুৱাখনা পৌৰসভা এলেকাৰ মুঠ ১০ টা ৱাৰ্ডত নিজ নিজ দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে টঙালি বান্ধিছে । ঢকুৱাখনাৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰাও মুঠ ১০ টা ৱাৰ্ডত ১০ গৰাকী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সোমবাৰে এক সংবাদমেল যোগে এই সিদ্ধান্ত অৱগত কৰে। ঢকুৱাখনা নগৰৰ ৰাজীৱ ভৱন প্ৰাংগণত আয়োজিত সংবাদমেলত নিৰ্বাচনী সমিতিৰ সভাপতি পদ্মলোচন দলে , ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, কাৰ্যকৰী সভাপতি মুকুল গগৈ , সাধাৰণ সম্পাদক শৰৎ পাতিৰ, জিলা কংগ্ৰেছৰ উপ-সভাপতি কেশেন চেতিয়া, লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ সভাপতি মাণিকা পাতিৰ, ৰাকেশ পেগু, দেৱ দাস ,পল্লৱী দাস , হেলেন কুলি , ইনামণি বৰুৱা আদিৰ উপস্থিতিত দলীয় নেতৃবৰ্গই ১ নং ৱাৰ্ডত উদ্যমী যুৱ নেতা সুৰজিত কোঁৱৰ ( বগী) , ২ নং ৱাৰ্ডত দীপালি লাগাছু, ৩নং ৱাৰ্ডত মিতালী গগৈ , ৪নং ৱাৰ্ডত অৰবিন্দ সুত ,৫ নং ৱাৰ্ডত প্ৰসন্ন বৰা, ৬ নং ৱাৰ্ডত ললিত দাস , ৭ নং ৱাৰ্ডত জাহ্নৱী বৰুৱা ,৮ নং ৱাৰ্ডত পুষ্পা বৰা , ৯ নং ৱাৰ্ডত প্ৰতিমা চুতীয়া আৰু ১০ নং ৱাৰ্ডত যতীন বৈস্যক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে ।
শাসক দল বিজেপিৰ সীমাহীন স্বেচ্ছাচাৰী শাসন , চৰকাৰী আঁচনিৰ নামত নিৰ্লজ গেৰুৱাকৰণ, সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিসহ কৰি জাপি দিয়া অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি , অসম আৰু অসমীয়াৰ জাতিয় অস্তিত্ব লৈ প্ৰচণ্ড ভাবুকি মাতি অনা জাতিদ্রোহী নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তনকে ধৰি অজস্ৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এইবাৰ সমগ্ৰ ৰাজ্যৰ লগতে ঢকুৱাখনা পৌৰ সভাৰ নিৰ্বাচনতো নগৰবাসীয়ে গেৰুৱা দলটোক সমূলঞ্চে উৎখাত কৰিব বুলি কয়।
দলীয় নেতৃবৰ্গই পৌৰসভাবাসীয়ে এখন নিকা ,স্বচ্ছ , দুৰ্নীতিমুক্ত আৰু জন দায়বদ্ধ পৌৰ প্ৰশাসন লাভৰ স্বাৰ্থত নাগৰিকসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি দাবী কৰি ঢকুৱাখনা পৌৰসভাখন আগন্তুক সময়ত কংগ্ৰেছ দলৰ নিৰ্বাচিত সংখ্যা গৰিষ্ঠ ৱাৰ্ড সদস্যৰ জৰিয়তে গঠন হ'ব বুলি প্ৰত্যয়েৰে জানিবলৈ দিয়ে ।