/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory-1.jpg)
ডিজিটেল সংবাদ বেকাজানঃ সমাগত পৌৰসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইদিনমান বাকী থকাৰ অৱস্থাত তিতাবৰৰ পৌৰসভাৰ ১০টা ৱাৰ্ডৰ বাবে মঙ্গলবাৰে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে তিতাবৰ পৌৰসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁট অসম গণ পৰিষদক কেৱল ৯ নং ৱাৰ্ডটো এৰি দিয়াৰ বিপৰীতে বাকী ৯ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ঘোষণা কৰা প্ৰাৰ্থীসকলৰ নাম হ'ল ১নং ৱাৰ্ডৰ বাবে ৰূপা দত্ত শইকীয়া , ২ নং ৱাৰ্ডৰ বাবে অনন্ত কছাৰী , ৩ নং ৱাৰ্ডৰ বাবে নিলোৎফা ৰহমান, ৪ নং ৱাৰ্ডৰ বাবে ৰশ্মি ভট্টাচাৰ্য কটকী, ৫ নং ৱাৰ্ডৰ বাবে টুটুমণি বণিয়া দাস , ৬ নং ৱাৰ্ডৰ বাবে মৌচুমী গগৈ , ৭ নং ৱাৰ্ডৰ বাবে ডম্বৰুধৰ শইকীয়া, ৮ নং ৱাৰ্ডৰ বাবে নিৰ্পা চুতীয়া লাহন, ৯ নং ৱাৰ্ডৰ বাবে অগপৰ দিলীপ তামূলী আৰু নং১০ ৱাৰ্ডৰ বাবে প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্ত ।
নাম ঘোষণা কৰাৰ পিছতে বিজেপি মিত্ৰজোঁট আটাই কেইজন প্ৰাৰ্থীয়ে মঙ্গলবাৰে মনোনয় পত্ৰ দাখিল কৰে । ইফালে মিত্ৰজোঁট অগপক এটা মাত্ৰ ৱাৰ্ড এৰি দিয়াত গণ পৰিষদৰ ভিতৰি অসন্তুষ্ট হৈছে একাংশ সমৰ্থক । জানিব পৰামতে তিতাবৰ সমষ্টিত অসম গণ পৰিষদৰ ভেঁটি দুৰ্বল তথা নি:শেষ অহাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে কেৱল মিত্ৰতা স্বাৰ্থত এটা মাত্ৰ ৱাৰ্ড অগপক এৰি দিয়ে ।
ইফালে অগপ তিতাবৰৰ পৌৰসভা বাবে অতি কমেও তিনিখন আসন এৰি দিবলৈ প্ৰস্তাব আগবঢ়াইছিল কিন্তু বিজেপিয়ে বিগত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত অসম গণ পৰিষদৰ ভোটৰ হাৰ আৰু গণভেটিৰ তথৈবচ অৱস্থা দেখি দএখন কৈ বেছি আসন এৰি দিবলৈ সন্মত নহ'ল । ইফালে বিজেপিয়ে এইবাৰৰ তিতাবৰ পৌৰসভা বাবে এখন মাত্ৰ আসন এৰি দিয়াকলৈ ভিতৰি তীব্ৰ অসন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে ।
ইফালে কংগ্ৰেছেও তেওঁলোকৰ প্ৰাৰ্থী নাম ঘোষণা কৰিছে । কংগ্ৰেছৰ প্ৰাৰ্থীসকল হ'ল, ১নং ৱাৰ্ডৰ বাবে তিপ্তি ৰেখা শইকীয়া দত্ত , ২ নং ৱাৰ্ডৰ বাবে অজয় কছাৰী , ৩ নং ৱাৰ্ডৰ বাবে দ্ৰোণকান্ত গগৈ, ৪ নং ৱাৰ্ডৰ বাবে জোনালী ৰাজগুৰু, ৫ নং ৱাৰ্ডৰ বাবে প্ৰতিমা দাস , ৬ নং ৱাৰ্ডৰ বাবে প্ৰণামিকা গগৈ , ৭ নং ৱাৰ্ডৰ বাবে জিণ্টু গগৈ , ৮ নং ৱাৰ্ডৰ বাবে প্ৰিনাকশ্ৰী বৰা দেৱ, ৯ নং ৱাৰ্ডৰ বাবে অগপৰ জয়ন্ত কুমাৰ শৰ্মা আৰু নং১০ ৱাৰ্ডৰ বাবে প্ৰাক্তন পৌৰপতি বিজয়ানন্দ বুঢ়াগোহাঁই । অসম জাতীয় পৰিষদে প্ৰিয়ংকা হাজৰিকা , মিনাক্ষী শইকীয়া , জ্যোৎস্না খনিকৰ আৰু অৰুণ বৰগোঁহাই প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । আনহাতে আনহাতে সমুদ্ৰ গগৈ , সংগীতা বৰুৱা , দিপাঞ্জলি দাস , মিনাক্ষী দাস হালেম আহমেদ আৰু মনজিত হাজৰিকাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয় পত্ৰ দাখিল কৰিছে ।