/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/akhil-21.jpg)
ডিজিটেল ডেস্ক: শিৱসাগৰ পৌৰসভা নিৰ্বাচনৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিনিধিত্ব কৰা এই গুৰুত্বপূৰ্ণ সমষ্টিটোত ৰাইজৰ দলৰ অস্তিত্ব প্ৰায় শূণ্য বুলি ক'ব পাৰি। এতিয়ালৈকে ঘোষিত পৌৰসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ জয় হৈছে প্ৰায়বোৰ ৱাৰ্ডত। এখনৰ পাছত আনখন পৌৰসভা দখল কৰিছে শাসকীয় দলটোৱে। শেহতীয়া তথ্য অনুসৰি শিৱসাগৰত ১ টা ৱাৰ্ডতে ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হৈছে। ইয়াৰ বিপৰীতে আন এটা ৱাৰ্ডত ৰাইজৰ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। সমষ্টিটোৰ গুৰুত্বপূৰ্ণ এই পৌৰসভা খন বিজেপিৰ দখললৈ যোৱা প্ৰায় নিশ্চিত হৈছে।
একেদৰে নাজিৰা পৌৰসভা বিজেপিৰ দখললৈ গৈছে। তিতাবৰটো বিজেপিয়ে দখল কৰিছে পৌৰসভা। অৱশ্যে পৌৰসভা নিৰ্বাচনৰ ফলাফল শাসকীয় দলটোৰ পক্ষতেই যোৱা দেখা যায় কিন্তু বিধানসভা নিৰ্বাচনত বিজেপিৰ সকলো চেষ্টা বিফল কৰি শিৱসাগৰ সমষ্টিত জয়ী হৈছিল ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ। সেয়ে ভৱা হৈছিল এই সমষ্টিটোত এইবাৰ পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত এক বিপৰীত ফলাফল অন্তত শিৱসাগৰত দেখিবলৈ পোৱা যাব। কিন্তু তেনে ফলাফল বাস্তৱত দেখিবলৈ পোৱা নগ'ল।