পৌৰসভা নিৰ্বাচন সমাগত, আজিৰে পৰা বলৱৎ নিৰ্বাচনী আচৰণ বিধি…

পৌৰসভা নিৰ্বাচন সমাগত, আজিৰে পৰা বলৱৎ নিৰ্বাচনী আচৰণ বিধি…

author-image
asomiyapratidin
New Update
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ আজি মনোনয়নৰ অন্তিম দিন…

প্ৰতীকি ফটো

অৱশেষত ঘোষণা হ'ল ৰাজ্যৰ ৮০খন পৌৰসভা নিৰ্বাচনৰ দিন। ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে এই কথা।

৬ মাৰ্চত হ'ব পৌৰসভাৰ নিৰ্বাচন আৰু ৯ মাৰ্চত হ'ব নিৰ্বাচনৰ ভোট গণনা। অন্যহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ফেব্রুৱাৰী আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ২০ ফেব্রুৱাৰী।

নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ বাবে আয়োগে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে আয়োগে। তাৰভিত্তিত নিৰ্বাচনী প্রচাৰত ৰ'ড শ্ব' আৰু ৰেলী নিষিদ্ধ কৰিছে আয়োগে। ঘৰে-ঘৰে গৈ নিৰ্বাচনী প্রচাৰ চলাব পাৰিব প্ৰাৰ্থীয়ে।

কেৱল ১৫জন ব্যক্তিহে যাব পাৰিব নিৰ্বাচনী প্রচাৰত । অন্যহাতে আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে।
পৌৰসভা নিৰ্বাচনত M2 EVM ব্যৱহাৰ হ'ব। অন্যহাতে শিলচৰ নহয় পৌৰনিগমৰ নিৰ্বাচন ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বেই গুৱাহাটীৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰি ৬০ টা কৰা হয়। লগতে এতিয়াৰে পৰা এৰিয়া সভাৰ সদস্য নাথাকিব,কেৱল কাউঞ্চিলৰ থাকিব।

assam municipal election guwahati