আই অ’ চি পে’ট্ৰল পাম্পত দি আহিব পাৰিব অব্যৱহৃত জাতীয় পতাকা…

আই অ’ চি পে’ট্ৰল পাম্পত দি আহিব পাৰিব অব্যৱহৃত জাতীয় পতাকা…

author-image
asomiyapratidin
New Update
আই অ’ চি পে’ট্ৰল পাম্পত দি আহিব পাৰিব অব্যৱহৃত জাতীয় পতাকা…

ডিজিটেল ডেস্ক: অইল কোৰ্পাৰেচন লিমিটেড চমুকৈ আই অ' চি মুম্বাই সংমণ্ডলে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। মুম্বাইত থকা আই অ' চিৰ পেট্ৰ'ল পাম্প সমূহত জমা দিব পাৰিব স্বাধীনতা দিৱসত ব্যৱহাৰ কৰা নষ্ট হোৱা আৰু ভাল জাতীয় পতাকা।

Advertisment

জাতীয় পতাকাৰ সংগ্ৰহ সন্দৰ্ভত আই অ' চি মুম্বাই সংমণ্ডল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ১৬ আগষ্টৰ পাছৰ পৰা যি কোনো নাগৰিকে সমীপৱৰ্তী আই অ' চি পেট্ৰ'ল পাম্পত এই পতাকা সমূহ জমা দিব পাৰিব। তেওঁলোকে নষ্ট হোৱা পতাকা সমূহ সন্মান সহকাৰে জ্বলাই দিয়াৰ লগতে ভাল পতাকা সমূহ সংৰক্ষণ কৰিব।

জাতীয় পতাকা যাতে য'তে ত'তে পৰি নাথাকে, মুম্বাই চহৰ খন এই পতাকাৰ বাবে অপৰিষ্কাৰ হৈ নপৰে আৰু দেশৰ মৰ্যদা ৰক্ষাৰ্থে এই পদক্ষেপ গ্ৰহণ কৰিছে। ১৬ আগষ্টত বহু সংখ্যক লোকে মুম্বাইৰ আই অ' চিৰ পেট্ৰ'ল পাম্পলৈ গৈ পুনৰ ব্যৱহাৰযোগ্য হৈ নথকা পতাকা ইতিমধ্যে জমা দিছে।

আৰু পঢ়ক: পুনৰ সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে কাশ্মীৰী পণ্ডিতক…

independence day india national flag ioc mumbai