/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/bihu-1.png)
ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আগন্তুক ২৮ এপ্ৰিলত আয়োজন কৰা হৈছে এখনি সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া উক্ত কাৰ্যসূচীৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত কেইৱাটাও জনগোষ্ঠীয় বিহু দলে অংশগ্ৰহণ কৰিব।
ইফালে অসম ভিত্তিত আয়োজিত মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ বিহু দলক নগদ ৫০ হাজাৰ টকাসহ মানপত্ৰ, দ্বিতীয় শ্ৰেষ্ঠ বিহু দলক নগদ ৩০ হাজাৰ টকাসহ মানপত্ৰ আৰু তৃতীয় শ্ৰেষ্ঠ বিহু দলক নগদ ২০ হাজাৰ টকাসহ মানপত্ৰ প্ৰদান কৰা হব। ইয়াৰোপৰি মুকলি বিহুৰ শ্ৰেষ্ঠ বাবে বিহুৱতীক নগদ ১০ হাজাৰ টকাসহ মানপত্ৰ আৰু শ্ৰেষ্ঠ ঢুলীয়া, শ্ৰেষ্ঠ পেপাবাদক আৰু শ্ৰেষ্ঠ বিহুৱাক পাঁচ হাজাৰকৈ টকা প্ৰদান কৰা হ'ব।
উক্ত বিহুৰ সৈতে সংগতি ৰাখি অলপতে ওদালগুৰি পূৰ্বজ্যোতি যুৱ সমাজৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সাধাৰণ সভাত উদযাপন সমিত গঠন কৰা হয়। মিনন মোচাহাৰী আৰু গুণজিৎ দাসক ক্ৰমে সভাপতি সম্পাদক হিচাপে লৈ গঠন কৰা সমিতিখনত কেইবাজনো কাৰ্যনিৰ্বাহক সদস্যসহ সমিতিখন গঠন কৰা হয়।
ইফালে কালি ওদালগুৰি টাউন স্প'ৰ্টছ ক্লাৱৰ কাৰ্যালয়টো বিহু উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় হিচাপে উদ্বোধন কৰে বিহু উদযাপন সমিতিৰ সভাপতি মিনন মোছাহাৰীয়ে। উক্ত বিহুখনৰ যিকোনো বিষয় সন্দৰ্ভত জানিবলৈ ৯৯৫৪৯৩৮৮৪৩, ৮৮২২০৬৮৮২২ নম্বৰত যোগাযোগ কৰিবলৈ বিহু উদযাপন সমিতিয়ে জানিবলৈ দিছে।