ঢকুৱাখনাত "মুগা দিৱস" উদযাপন...

ৰজাঘৰত এলাগী হোৱা "মুগা দিৱস" পাতিব প্ৰজাঘৰে, ঘিলামৰাত আৰম্ভ তৎপৰতা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত "মুগা দিৱস" উদযাপন...

ডিজিটেল সংবাদ, ঢকুৱাখনা: বৰমুগা-অসমীয়া জাতীয় জীৱনৰ লগতে লোক কৃষ্টি সংস্কৃতিৰ প্ৰধান মেৰুদণ্ডই নহয়, ই গ্ৰাম্য অৰ্থনীতি সৱলীকৰণ আৰু স্বাৱলম্বনৰ একক জৈৱিক সম্পদ। হাজাৰ হাজাৰ বছৰ ধৰি ৰাজ্যখনৰ চহা মুগাপালক সকলৰ প্ৰজন্ম অতিক্ৰমা ৰেচম পালনৰ পৰম্পৰাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা এই প্ৰক্ৰিয়াটোৰ প্ৰতি ৰজাঘৰীয়াৰ উদাসীন দৃষ্টিভঙ্গীয়ে কাৰ্যতঃ মুগাপালক সকলক নিৰুৎসাহিত কৰি আহিছে ।

Advertisment

এটা অতি সম্ভাৱনাপূৰ্ণ গ্ৰাম্য অৰ্থনীতি মজবুতকৰণৰ উৰ্বৰ আহিলা এই মুগা খেতিৰ বিজ্ঞানসন্মত পালনৰ  লগতে পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষাৰ সতে জড়িত জৈৱিক  সম্পদটোৰ  প্ৰতি ৰজাঘৰীয়াই কৰি অহা প্ৰৱঞ্চনাৰ পৰিণতিত অসমৰ বুকুৰ পৰা এই একক অমূল্য সম্পদ মুগাখেতি হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। মুগাই হৈছে অসমৰ এনে এক  থলুৱা সম্পদ যাৰ ওপৰত অসমীয়া জাতিৰ ঐতিহ্য আৰু ভৱিষ্যত সুৰক্ষিত হোৱাৰ বহুলাংশে স্থল আছে।

কোনো ধৰণৰ চৰকাৰী পৃষ্ঠপোষকতা অবিহনেই হাজাৰ বছৰ ধৰি পৰম্পৰাগত ভাৱে চহা মুগা পালকে এই খেতিৰে লোককৃষ্টি-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়োৱাৰ উপৰিও অসমৰ এই মুগা অৰ্থনীতিক অসমৰ গণজীৱনৰ সতে সম্পৃক্ত কৰাৰ নিৰন্তৰ প্ৰয়াস চলাই আহিছে। সাম্প্ৰতিক সময়ত এই সম্ভাৱনাপূৰ্ণ লোক জৈৱ সম্পদৰ স্থায়িত্ব আৰু সংৰক্ষণৰ প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিছে ।

প্ৰদূষিত পাৰিপাৰ্শ্বিক পৰিৱেশ, জলবায়ু পৰিৱৰ্তন, নিষিদ্ধ বিষাক্ত কীটনাশকৰ অপপ্ৰয়োগ আদি বিভিন্ন কাৰকৰ বাবে এই মুগাখেতি কালৰ গৰ্ভত লীন যোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। এক প্ৰকাৰৰ জাতীয় সম্পদটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ এনে কাৰক সমূহৰ বিৰুদ্ধে ব্যাপক জনমত গঠন কৰি অসমৰ মুগা যাতে অসমৰ মুগা হিচাবে জীয়াই ৰাখে তথা অনাদি অনন্ত কাললৈ এই মুগা খেতি সুৰক্ষিত কৰাৰ বাবে এক গণ-সজাগতা সৃষ্টিৰে গণ বিপ্লৱৰ সূচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

এনে বহু মহান লক্ষ্য উদ্দেশ্যেৰে ২০১২-২০১৩ চনৰ ১৯ মে'ত মুগা খেতিৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনাত  প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল জাতীয় মুগা দিৱস । চহাৰ সাতাম পুৰুষীয়া এই লোক সম্পদৰ সংৰক্ষণৰ লক্ষ্যৰে গ্ৰাম্য পালক সকলৰ উদ্যোগত আয়োজিত এই মুগা দিৱসত অংশগ্ৰহণ কৰি ৰেচম বিভাগৰ তদানীন্তন আয়ুক্ত সচিব গৰাকীয়ে ৰাজহুৱা ভাবে ঘোষণা কৰিছিল পৰৱৰ্তী বর্ষ সমূহৰ ১৯ মে'ৰ দিনটো চৰকাৰী পৃষ্ঠপোষকতাত জাতীয় মুগা দিৱস উদযাপন কৰাৰ।

কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল চহা মুগা পালকৰ  অভিপ্ৰায় তথা ধাৰণাতো  কুক্ষীগত কৰি বাণিজ্যিকীকৰনেৰে সৌন্দৰ্য প্ৰতিযোগিতা পাতি চৰকাৰে মুগা মেলা অনুষ্ঠিত কৰি মুগা পালকৰ লক্ষ্য উদ্দেশ্যক পদপিষ্ট কৰিলে। মুগা দিৱসৰ মান মৰ্যদা ঐতিহ্য ধোঁৱা চাঙত তুলিলে। যাৰ পৰিপ্ৰেক্ষিতত এহাতে মুগা দিৱস লক্ষভ্রষ্ট হ'ল আৰু অন্যহাতে চৰকাৰী ৰাজকোষৰ পুঁজি অপচয় কৰাৰ এটা এটা বছেৰেকীয়া উৎসৱৰ সৃষ্টি হ'ল।

বিপৰীতে এই একক লোক সম্পদৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অপকাৰক সমূহত লেকাম লগাবলৈ ৰজাঘৰীয়াই কোনোদিনে কঠোৰ আইন প্ৰণয়ন নকৰিলে। পৰিণতিত ব্যাপক হাৰত মুগা উৎপাদন হ্ৰাস পাবলৈ ধৰাই নহয় অকালতে বৃহৎ পৰিমাণৰ মুগাৰ অপমৃত্যু ঘটি আৰু ৰোগাক্ৰান্ত হ'বলৈ আৰম্ভ কৰিলে। উপায়ন্তৰ মুগাপালক সকলে সুসংগঠিত হোৱাৰ কচৰৎ কৰি জন্ম দিলে সদৌ অসম ৰেচম খেতিয়ক সন্থা। মুগাখেতি উপযোগী প্ৰদূষণমুক্ত পাৰিপাৰ্শ্বিক পৰিৱেশ গঢ়ি উৎপাদনশীলতা বৃদ্ধি কৰি জাতীয় জৈৱ সম্পদটোৰ সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠিত এই সন্থাই চলিত বৰ্ষৰ ১৯ মে'ত নিজা উদ্যোগত জাতীয় মুগা দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শনিবাৰে ঢকুৱাখনা মহকুমাৰ বাটমাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত  সংস্থাৰ এখন সভাত অসমৰ মুগা হাজাৰ বছৰ ধৰি  খেতিয়ক সকলেই পালিত আৰু সংৰক্ষিত কৰি আহিছে গতিকে খেতিয়কে খেতিয়কৰ মাজত মুগা সম্পদ সুৰক্ষা , থলুৱা সম্পদ সুৰক্ষা আৰু প্ৰাকৃতিক পৰিৱেশ সুৰক্ষা আন্দোলনত বাটকটীয়া  হোৱাকৈ চলিত বৰ্ষত এদিনীয়া কাৰ্যসূচীৰে মুগা দিৱস উদযাপনৰ মত পোষণ কৰে।

সদৌ লখিমপুৰ জিলা ৰেচম খেতিয়ক সংস্থাৰ উদ্যোগত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে  জিলা সংস্থাৰ সভাপতি অমিয় বৰুৱাই। সন্থাৰ সম্পাদক ৰঞ্জিত গগৈয়ে  উদ্দেশ্য ব্যাখ্যা কৰা সভাত ২০১২ চনৰ মুগা দিৱসৰ উদযাপনৰ দিনৰ পৰা বৰ্তমান সময়লৈ  চৰকাৰী পৃষ্ঠপোষকতাত অব্যাহত থকা বেপৰোৱা কাম কাজৰ তীব্ৰ সমালোচনা কৰি  আৰু সাম্প্ৰতিক সময়ত ৰেচম পালক সকলৰ কৰণীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই মুগা দিৱসৰ ধাৰণাটোৰ সৃষ্টিকৰ্তা, কেন্দ্ৰীয় সংস্থাৰ মুখ্য উপদেষ্টা, ৰেচম গৱেষক জিতুল শইকীয়াই।

শতাধিক প্ৰতিনিধি উপস্থিত থকা সভাত কেন্দ্ৰীয় সংস্থাৰ সম্পাদক ডঃ লব কৃষ্ণ ৰাজখোৱা, উপ সভাপতি বুলটন বৰা, সদস্য বৈকুণ্ঠ হাজৰিকা, ৰেচম পালক দীপক দত্ত, লক্ষী প্ৰসাদ দত্ত, জগত দত্ত , বিনোদ গগৈ আদি বহু কেইজন পালক উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। সভাত সংস্থাৰ ধেমাজি আৰু লখিমপুৰ জিলা সংস্থাৰ যৌথ উদ্যোগত  অহা ১৯ মে'ত ঘিলামৰাৰ বৰদৈ পঞ্চায়তৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে মুগা দিৱস উদযাপনৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰি ৰেচম পালক অমিয় বৰুৱাক সভাপতি, লক্ষী প্ৰসাদ দত্তক সম্পাদক হিচাবে লৈ এখন ৩১জনীয়া উদযাপন সমিতি গঠন কৰা হয় ।

সংস্থাৰ একক উদ্যোগত অনুষ্ঠিতব্য মুগা দিৱসলৈ নৰ্মদা বছাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ , মণিপুৰ লগটক হ্ৰদ সংৰক্ষণ সংগ্ৰামৰ নেতা ৰামানন্দ ৱাংফি ৰামপাম , অৰণ্য মানৱ যাদৱ পায়েং আদি বহু কেইগৰাকী প্ৰকৃতি সংৰক্ষকক নিমন্ত্ৰণ কৰাৰ  লগতে প্ৰকৃতি সম্পৰ্কীয় গ্ৰন্থ উন্মোচনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Also Read: Essay on Bihu in Assamese: বিহুৰ বিষয়ে ৰচনা

ASSAM GOVERNMENT