চিয়াং নদীত অস্বাভাৱিক ঘোলা পানী !

ৰাইজৰ মাজত আতংক...

author-image
Asomiya Pratidin
New Update
চিয়াং নদীত অস্বাভাৱিক ঘোলা পানী  !

ডিজিটেল সংবাদ, জোনাই : মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীত পুনৰ প্ৰবাহিত হৈছে অস্বাভাৱিক ঘোলা পানী। নীলা তথা পৰিস্কাৰ পানী বাবে বিখ্যাত চিয়াং নদীত যোৱা দুদিনৰ পৰা হঠাতে অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰবাহিত হোৱা পৰিলক্ষিত হৈছে।

Advertisment

ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীত অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰবাহিত হোৱাক লৈ চিয়াং উপত্যকাৰ অসম-অৰুণাচল প্ৰদেশৰ ৰাইজৰ মাজত চাঞ্চ্যলৰ সৃষ্টি হৈ আহিছে। উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰা সময়ে সময়ে চিয়াং নদীত এনেদৰে অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰবাহিত হোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে।

এনেদৰে ব্ৰহ্মপুত্ৰৰ উৎস চিয়াং নদীত অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰবাহিত হোৱাত চিয়াং নদীৰ অৱবাহিকাৰ জীৱ-বৈচিত্ৰ্য আৰু জনজীৱনক লৈ বিৰূপ প্ৰভাৱ পৰাৰ নিশ্চিত আশংকাই দেখা দিছে। চিয়াং নদীত সময়ে সময়ে প্ৰবাহিত অস্বাভাৱিক ঘোলা পানীয়ে চিয়াং-ব্ৰহ্মপুত্ৰৰ বক্ষ অস্বাভাৱিকভাৱে বাম কৰি তুলিছে।

স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীৰ উৎসত তিব্বতত চুবুৰীয়া ৰঙা চীনে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ ফলত এনেদৰে চিয়াং নদীত অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰবাহিত হোৱা বুলিও অভিযোগ উঠিছে। আনহাতে পাহাৰত ভূমিস্খলনৰ ফলত চিয়াঙৰ পানী ঘোলা হোৱা বুলি সন্দেহ কৰিছে।

উল্লেখযোগ্য যে যোৱা কিছু বছৰ পূৰ্বৰ পৰা চিয়াং নদীৰ বুকুত অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰবাহিত হৈ আহিছে। ঘোলা পানী প্ৰবাহিত হোৱাৰ ফলত চিয়াং নদীত মাছ আদিও মৃত্যু মুখত পৰিছিল। তদুপৰি 2000 চনত চীনে এৰি দিয়া চিয়াং নদীৰ ধলে মুহূৰ্তৰ ভিতৰত অসম-অৰুণাচল চিয়াং উপত্যকা বহু গাঁও উটুৱাই নি প্ৰলয় সৃষ্টি কৰিছিল।

চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ তিব্বত হৈ অৰুণাচল প্ৰদেশৰ টুটিংৰ সমীপত ভাৰতত প্ৰবেশ কৰি অৰুণাচল, অসম, বাংলাদেশ হৈ আন্ত:ৰাষ্ট্ৰীয় নদী ব্ৰহ্মপুত্ৰই বংগোপ সাগৰত মিলিত হৈছে। এনেদৰে চুবুৰীয়া ৰঙা চীনে আন্ত:ৰাষ্ট্ৰীয় নদীখনত বাৰে বাৰে ঘোলা পানী এৰি দি প্ৰদূষিত কৰাৰ ফলত চিয়াং-ব্ৰহ্মপুত্ৰ উপত্যকাৰ জীৱ-বৈচিত্ৰ্য আৰু জনজীৱন ধ্বংসৰ আশংকাত ভুগি ৰাইজে জীয়াই থাকিব লগা হৈছে।

বিশেষকৈ ৰঙা চীনে ষড়যন্ত্ৰ কৰি ঘোলা পানী এৰি দি ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীক অপমৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি ৰাইজে আশংকা কৰিছে। ফলত কেন্দ্ৰীয় চৰকাৰ আৰু অসম-অৰুণাচল প্ৰদেশৰ চৰকাৰে বাৰম্বাৰ চিয়াং নদীত অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰবাহিত হৈ থকাৰ ওপৰত উচিত অনুসন্ধান কৰি উচিত পদক্ষেপৰ দ্বাৰা চিয়াং-ব্ৰহ্মপুত্ৰ আৰু চিয়াং উপত্যকাৰ সভ্যতাক সুৰক্ষা দিবলৈ ৰাইজে দাবী জনাই আহিছে। কিন্তু আজিও ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীত সময়ে সময়ে ঘোলা পানী প্ৰবাহিত হোৱাৰ প্ৰকৃত কাৰণ আন্ধাৰতে আছে।

assam jonai
News Hub