দুভৰি হেৰুৱাই জীৱন যুঁজত হাৰ নমনা মোবাৰক

জীৱন যুঁজত হাৰ মানিব নোখোজা নগাঁৱৰ এগৰাকী প্ৰায় ৪৫ বছৰীয়া লোক ।
 দুভৰি হেৰুৱাই জীৱন যুঁজত হাৰ নমনা মোবাৰক

ডিজিটেল সংবাদ,নগাঁও : জীৱন যুঁজত হাৰ মানিব নোখোজা নগাঁৱৰ এগৰাকী প্ৰায় ৪৫ বছৰীয়া লোক । এক পথ দুৰ্ঘটনাত পতিত হোৱাৰ বাবে হেৰুৱাব লগা হয় দুয়োখন ভৰি ৷ দুই ভৰি হেৰুৱাই শাৰীৰিকভাৱে বাধাগ্ৰস্ত হৈও তেওঁ ট্ৰাইকেলতেই চলাই গৈছে জীৱন সংগ্ৰাম ।

সুদীৰ্ঘ চৈধ্যটা বছৰ শাক-পাচলিৰ দোকানৰ জৰিয়তে তেওঁ প্ৰতিফলিত কৰিছে জীৱন আৰু জীৱিকাৰ কঠোৰ সংগ্ৰামখন ৷ ব্যক্তি ল জনৰ নাম হৈছে মোবাৰক আলি ৷

পূব আকাশত সূৰ্য উদয়ৰ পিছতে তৎপৰতা বাঢ়ে নগাঁৱৰ মোবাৰক আলিৰ । নগাঁও চহৰৰ কাষৰীয়া অঞ্চল বেঙেনাআটিৰ পৰা আৰম্ভ হয় যাত্ৰা ৷ স্থানীয় বিভিন্ন লোকৰ ঘৰৰ পৰা ট্ৰাইচাইকেলখন লৈ সংগ্ৰহ কৰে সতেজ শাক-পাচলি । শাক পাচলি সংগ্ৰহ কৰি লয় কিছু সময় জিৰণি।

বিয়লি হোৱাৰ লগে লগে মোবাৰকৰ আৰম্ভ কৰে পুনৰ তৎপৰতা । ট্ৰাইচাইকেলতে পুৱা সংগ্ৰহ কৰা শাক-পাচলিৰ লৈ মোবাৰকে আৰম্ভ কৰে ব্যৱসায় ৷ নগাঁও চহৰৰ অলিয়ে গলিয়ে ট্ৰাইচাইকেল চলাই বিক্ৰী কৰে শাক পাচলি ৷ বিয়লিৰ পৰা নিশা ৮ বজালৈকে শাক পাচলি বিক্ৰী কৰি নিশা প্ৰায় ১০ বজাত ঘৰত সোমাই ৷ প্ৰতিদিনে ২০ কিলোমিটাৰ পৰা ৩০ কিলোমিটাৰ পৰ্যন্ত ট্ৰাইচাইকেলখন লৈ শাক পাচলি বিক্ৰীৰ বাৰে ঘূৰি ফুৰে মোবাৰকে ৷

দুই ভৰি হেৰুৱাই ট্ৰাইচাইকেল চলাই মোবাৰকে পুৱাৰ পৰা নিশালৈকে চলাই গৈছে জীৱন সংগ্ৰাম ৷ চাইকেল খনত অনা শাক পাচলি কেতিয়াবা আশা কৰাৰ দৰে বিক্ৰী হয় কেতিয়াবা নহয় ৷ এনেদৰে তেওঁ যোগাৰ কৰিছে দুবেলাৰ দুমুঠি । চাৰিজনীয়া পৰিয়ালটো এনেদৰে কঠোৰ সংগ্ৰামৰ জৰিয়তে পোহ পাল দি আহিছে ৷

হতাশ নহৈ মোবিৰকে চৈধ্য বছৰ পূৰ্বেই আৰম্ভ কৰিছিল এই কঠোৰ জীৱন সংগ্ৰাম । বিভিন্ন সমস্যাৰ মাজত ,আৰ্থিক দৈন্যতাই কাবু কৰি ৰাখিলেও মোবাৰক আলিয়ে কৰ্মৰে কৰা সংগ্ৰাম যেন বহুতৰ বাবেই অনুপ্ৰেৰণা ৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in