মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটত অসমীয়া বিভাগৰ বেজবৰুৱা দিৱস উদযাপন...

শুকুৰবাৰে উলহ-মালহেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হয়
MSSV Dhuburi
MSSV Dhuburi

ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী শাখাৰ অসমীয়া বিভাগে লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ'ৰাৰ উদ্যোগত শুকুৰবাৰে উলহ-মালহেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰে ।

বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত 'আমি অসমীয়া নহওঁ দুখীয়া' ৰ্শীষক গীতটিৰে আৰম্ভ হোৱা সভাখনৰ আঁতধৰে বিভাগৰ সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই। ইয়াৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে সভাখনৰ আদৰণি ভাষণ আগবঢ়াই বিভাগৰ অধ্যাপক ড° চন্দ্ৰকমল চেতিয়াই।

অনুষ্ঠানভাগত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজবংশী ভাষা আৰু লোকসংস্কৃতিৰ গৱেষক ড° দিজেন্দ্ৰ নাথ ভকতে বেজবৰুৱাৰ সৃষ্টিৰাজিত আলোকপাত কৰাৰ লগতে 'কাৰ্টুনিষ্ট' হিচাপে বেজবৰুৱাৰ ভূমিকা সম্পৰ্কেও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে।

তদুপৰি সভাখনৰ আমন্ত্ৰিত অতিথি চিলাৰায় মহাবিদ্যালয়ৰ অধ্যাপক ড° উমেশ দাসে বেজবৰুৱাৰ সৃষ্টিশীল ৰচনাৰাজিৰ লগতে তেখেতৰ জাতীয়তাবাদী চেতনা সম্পৰ্কে নিজৰ মতামত ব্যক্ত কৰে। সভাত উপস্থিত থাকি লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ'ৰাৰ প্ৰতিষ্ঠা আৰু ইতিহাস সম্পৰ্কে বাখ্যা আগবঢ়াই চ'ৰাৰ প্ৰতিস্থাপক সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ সহকাৰী জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ ৰ্শমাই ।

লগতে বিভাগৰে আন এগৰাকী অধ্যাপক মিনহাজুল আবেদিনে বেজবৰুৱাৰ জীৱনৰ সামগ্ৰীক দিশ সামৰি এক চমু বক্তৃতা আগবঢ়ায় ৷ বিভাগৰ ছাত্ৰী ছাৰজিনা পাৰভিনৰ বক্তৃতাৰ লগতে কংকনাস্মৃতা ৰায়ৰ কবিতা আবৃত্তিয়ে সভাখন জীপাল কৰি তোলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in