ধান ক্ৰয়ৰ ভেঁকোভাওনাত দিশহাৰা ৰাজ্যৰ লাখ লাখ কৃষক

ধান ক্ৰয়ৰ ভেঁকোভাওনাত দিশহাৰা ৰাজ্যৰ লাখ লাখ কৃষক

ডিজিটেল ডেস্ক : চৰকাৰীভাৱে ধান ক্ৰয় ব্যৱস্থাৰ পৰাও লাভান্বিত হোৱা নাই ৰাজ্যৰ কৃষকসকল । নূন্যতম সমৰ্থন মূল্যত ধান বিক্ৰী কৰিবলৈ গৈ নথি-পত্ৰৰ অভাৱৰ বাবেই দিশহাৰা হ'ব লগা হৈছে কৃষক সমাজ । নথি-পত্ৰৰ মেৰপেঁচৰ বাবেই যোৱা দুমাহত কেৱল ২৫, ৩৫৯ জন কৃষকে চৰকাৰীভাৱে ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে । কৃষিপ্ৰধান ৰাজ্য অসমত লক্ষ লক্ষ কৃষকৰ ভিৰৰ মাজত কেৱল ২৫ হেজাৰ কৃষকে নূন্যতম মূল্যত ধান বিক্ৰী কৰিবলৈ সক্ষম হোৱাটো এক প্ৰকাৰৰ বিফলতা সংশ্লিষ্ট বিষয়া তথা প্ৰশাসনৰ বাবে ।

এতিয়া ধান বিক্ৰী কৰিবলৈ গৈ নথি-পত্ৰৰ বোজাত কোঙা হে হৈ পৰিছে কৃষক সকল । নিয়ম অনুসৰি ধান বিক্ৰী কৰিবলৈ হ'লে প্ৰথমে সংশ্লিষ্ট কৃষকজনে নিজৰ নাম চৰকাৰী পোৰ্টেলত পঞ্জীয়ন কৰিব লাগিব । একদৰে আনৰ মাটিত খেতি কৰা সকলে মাটিৰ প্ৰয়োজনীয় নথি-পত্ৰ যোগাৰ কৰি যোগাযোগ কৰিব লাগিব গাওঁবুঢ়া অথবা চৰকাৰী অনুমোদিত বিষয়াৰ সৈতে ।

লক্ষণীয়ভাৱে চৰকাৰে নিৰ্ধাৰণ কৰা এই জটিল প্ৰক্ৰিয়াৰ বাবেই লাখ লাখ কৃষকে বিক্ৰী কৰিব পৰা নাই ধান । চৰকাৰে মাজে সময়ে প্ৰচাৰ চলালেও আজিও কৃষক সকলে নাজানে কিদৰে পঞ্জীয়ন কৰে পোৰ্টেলত । যাৰ বাবে কেৱল ২৫ হাজাৰ কৃষকে হে দুমাহত ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে ।

ইপিনে ৰাজ্যত অতি লেহেমীয়া গতিত চলিছে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া । ধান ক্ৰয়ৰ নামত থকা ৬ টা প্ৰতিষ্ঠানৰ ৪ টায়েই এতিয়া ফ্ল'প শ্ব' ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in