/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9a0d0d37-2324-44fe-9d10-01d7964082bb/dd53431a-b333-401b-8d9c-bf8ef29604c3.jpg)
ডিজিটেল ডেস্কঃ ধৰ্মপ্ৰাণা মহিলা পাৰুল ৰাজগুৰু আৰু নাই। জ্যেষ্ঠ পুত্ৰ তথা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ গুৱাহাটীৰ জুৰোড স্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৮০ৰো উৰ্ধৰ মহিলাগৰাকীয়ে। ২২জুলাইৰ সন্ধিয়া ৬.৩৯বজাত ইহ সংসাৰ ত্যাগ কৰা পাৰুল ৰাজগুৰু আছিল অতিকৈ সাদৰি এগৰাকী মহিলা।
স্বৰ্গীয় প্ৰবীণ ৰাজগুৰুৰ পত্নী আছিল পাৰুল হাজৰিকা। তেওঁৰ দুই পুত্ৰ প্ৰশান্ত ৰাজগুৰু আৰু জয়ন্ত ৰাজগুৰু। মাতৃৰ বিয়োগৰ পাছতে স্বাভাৱিকতেই শোকত ভাগি পৰা জ্যেষ্ঠ পুত্ৰ তথা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে জনায় যে, ২৩জুলাইত নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰা হব মাতৃ পাৰুল ৰাজগুৰুৰ।
Also Read: সাধাৰণ বাজেট ২০২৪-২৫ঃ ইতিহাস সৃষ্টি কৰি সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে...