বাৰ মাহৰ মূৰত মৃদুপবন নেওঁগৰ অন্তঃবৰ্তী জামিন

বাৰ মাহৰ অন্তত প্ৰবঞ্চনাৰ অভিযোগত নাম সাঙোৰ খোৱা মৃদুপবন নেওঁগৰ অন্তঃবৰ্তীকালিন জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে ৷

author-image
Asomiya Pratidin
New Update
 বাৰ মাহৰ মূৰত মৃদুপবন নেওঁগৰ  অন্তঃবৰ্তী জামিন

mridupawan gets bail

ডিজিটেল সংবাদ, নগাঁও : বাৰ মাহৰ অন্তত প্ৰবঞ্চনাৰ অভিযোগত নাম সাঙোৰ খোৱা মৃদুপবন নেওঁগৰ অন্তঃবৰ্তীকালিন জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে ৷ যোৱা সাত চেপ্তেম্বৰত ন্যায়ালয়ে মৃদুপবনক জামিন মঞ্জুৰ কৰাৰ লগতে পাঁচ দিনৰ ভিতৰত নগাঁও আৰক্ষীৰ ওচৰত হাজিৰ হ'বলৈ নিদ্দেশ দিছিল ৷ সেই নিদ্দেশ মৰ্মে মৃদুপবনৰ অধিবক্তা মানস শৰনীয়া সহিতে জুনিয়ৰ অধিবক্তা নগাঁও আৰক্ষীৰ ওচৰত হাজিৰ হয় ৷

নগাঁও সদৰ থানাত ৰুজু হৈ থকা ২৩২৮/২০২১ নম্বৰৰ গোচৰটোৰ বিপৰীতে অন্তঃবৰ্তীকালিন জামিন মৃদুপবনে লাভ কৰা বুলি মন্তব্য কৰে অধিবক্তা মানস শৰনীয়াই ৷ লগতে অধিবক্তাজনে ১৩ চেপ্তেম্বৰত মৃদুপবন নেওঁগ আৰক্ষী থানাত হাজিৰ হ'ব বুলি জানিবলৈ দিছে ৷

নগাঁৱৰ নেহা কাৰ বজাৰৰ ইমৰান হুছেইনে এক এজাহাৰ দাখিল কৰিছিল ৷ পুৰনি ফৰচুনাৰ আৰু হোণ্ডাচিটি ৰ দুখন গাড়ী ইমৰানক বিক্ৰী কৰা বিনিময়ত প্ৰায় ত্ৰিশ লাখ টকা মৃদুপবনে আদায় লৈছিল ৷ ধন আদায় লৈ গাড়ী চমজি নিদিয়াত ইমৰানে আৰক্ষীৰ কাষ চাপিছিল ৷

ব্যৱসায়ী জনৰ এজাহাৰৰ পিছতে গুৱাহাটী কাহিলীপাৰাত থকা মৃদুপবনৰ ফ্লেটত আৰক্ষীয়ে বিগত বৰ্ষৰ ২৪ চেপ্তেম্বৰত অভিযান চলাইছিল ৷ আৰক্ষীৰ মতে মৃদুপবনে পলায়ন কৰাত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে যদিও ফ্লেটত তালাচি চলাই বিদেশী মুদ্ৰা, পিস্তল , নকল সোনৰ অলংকাৰ আদি উদ্ধাৰ কৰিছিল ৷ লগতে ব্যক্তিগত দেহৰক্ষী ৰাকেশ দিক্ষীত আৰু গাড়ীচালক বিসান বড়োক গ্ৰেপ্তাৰ কৰিছিল ৷

মৃদুপবন নেওঁগে পূৰ্বতে একাধিকবাৰ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে জামিন মঞ্জুৰ কৰা নাছিল ৷ শেহতীয়াকৈ সাত চেপ্তেম্বৰত উচ্চ ন্যায়ালয়ে মৃদুপবন বৰাৰ জামিন আবেদন গ্ৰহণ কৰি অন্তঃবৰ্তী জামিন প্ৰদান কৰে ৷

nagaon assam Assam police