/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e04c1b8b-42e7-4288-a080-1a5302d00926/pradan_barua.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : ৰাজনীতিৰ পথাৰ নহয়, এইবাৰ চহা কৃষকৰ খেতি পথাৰত নামিল লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা । ক্ষণিকৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি কৃষিজীৱী ৰাইজৰ এজন হিচাপে কৃষকৰ ৰূপত বৰুৱাই ধান চপোৱা কাৰ্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/38d5774b-ce99-491a-bb7f-d5940a3d1215/d655706f_2417_4a73_83dc_b5ba6644c242.jpg)
ঢকুৱাখনাৰ চামপৰা পমুৱা গাঁৱৰ কৃষক জীতেন নৰহে গাঁঠিৰ ধন ভাঙি প্ৰায় এক হেক্টৰ (৭'৫ বিঘা)কৃষি ভূমিত নিজে হাল বাই,গুটি সিঁচি,পানী দি বৰো ধানৰ খেতি কৰিছিল। বুধবাৰে এই খেতি অত্যাধুনিক "কম্বাইন হাৰ্ভেষ্টাৰ"ৰ জৰিয়তে সাংসদগৰাকীয়ে চপাই বহুজনৰ দৃষ্টি আকৰ্ষণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0517d116-9de8-4e9c-b019-0f4c7172ea18/be73a6f8_005f_485a_8e38_30d794340ce5.jpg)
লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰায় ৩৫ কিলোগ্ৰাম বীণা ধান-১১ৰ বীজ সংগ্ৰহ কৰি কৰা এই বৰো ধানৰ খেতি বুধবাৰে অত্যাধুনিক "কম্বাইন হাৰ্ভেষ্টাৰ"ৰ জৰিয়তে চপাই সাংসদ বৰুৱাই । এই সন্দৰ্ভত "এপাৰ্ট"ৰ সহযোগিতাত কৃষি বিজ্ঞান কেন্দ্র লখিমপুৰৰ উদ্যোগত অৱনৰী মহাবিদ্যালয় খেলপথাত অনুষ্ঠিত কৰা হয় শস্য চপোৱা উৎসৱৰ "কম্বাইন হাৰ্ভেষ্টাৰৰ" নমুনা প্রদর্শন ব্যৱস্থা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cb17efa1-6be4-4116-9f07-6341dd60e972/e1a29788_c36d_4f74_8b80_48697c4aaca7.jpg)
কে ভি কে লখিমপুৰৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰশান্ত কুমাৰ পাঠক, লখিমপুৰ জিলা কৃষি বিষয়া ভৱজিত দলে ,"এপাৰ্ট"ৰ ভাস্বতী ভট্টাচাৰ্য আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সাংসদ বৰুৱাই এই উৎসৱৰ ফিটা কাটি শুভাৰম্ভ কৰে আৰু পৰবৰ্তী সময়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে ।
সভাত কে ভি কেৰ তৰফৰ পৰা মিত্যব্যয়ী কৃষি পৰম্পৰা আৰু কৃষক ৰাইজলৈ আগবঢ়োৱা বিভিন্ন সময়োপযোগী সা সুবিধাৰ সন্দৰ্ভত বিস্তৃত অবলোকণ কৰা হয় । মনোজ্ঞ এই অনুষ্ঠানত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ লগতে কৃষক আৰু অঞ্চলটোৰ সাধাৰণ নাগৰিকসকল উপস্থিত থাকে।
Also Read: ৰাজ্যত বাট-পথৰ শোচনীয় অৱস্থা: টেঙাখাতৰ টিংৰাই চাৰিআলিৰ বাট-পথে জ্বলা-কলা খুৱাইছে ৰাইজক...