মোগলক লৈ গৌৰৱ কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে ! ক’লে মোগলক বাদ দি দেশৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ…

মোগলক লৈ গৌৰৱ কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে ! ক’লে মোগলক বাদ দি দেশৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ…

author-image
asomiyapratidin
New Update
মোগলক লৈ গৌৰৱ কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে ! ক’লে মোগলক বাদ দি দেশৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ…

ডিজিটেল ডেস্কঃ মোগলক লৈ গৌৰৱ কৰে অসমৰ এজন কংগ্ৰেছ সাংসদে। মোগলক লৈ গৌৰৱ কৰা এইগৰাকী কংগ্ৰেছী হৈছেবৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক। মোগল সম্পৰ্কে এইদৰে নিজৰ আন্তৰিকতা প্ৰকাশ কৰিবলৈ গৈ এতিয়া বিপদত পৰিছে সাংসদগৰাকী।

সামাজিক মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত সাংসদ আব্দুল খালেকৰ এই মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে। উল্লেখ্য যে আব্দুল খালেকে মন্তব্য কৰিছিল যে, ভাৰতক মোগলেহে হিন্দুস্তান আখ্যা দিছিল। তেওঁ কৈছে- 'মোগলেহে হিন্দুস্তানৰ আকাৰ এটা দিছিল। সেয়ে মোগলক লৈ মই গৌৰৱ কৰো, মোগলক লৈ মোৰ কোনো এলাৰ্জী নাই।'

ভাৰতীয় স্বাধীনতা সংগ্ৰাম মোগলক বাদ দি অসম্পূৰ্ণ বুলিও মন্তব্য কৰিছে সাংসদগৰাকীয়ে। অন্যহাতে আজিৰ দিল্লীক মোগলে গঢ় দিয়া বুলি মুখ্যমন্ত্ৰীয়েও স্বীকাৰ কৰি লৈছে বুলি উল্লেখ কৰি কৈছে যে- 'মোগলসকল হাড়ে-হিমজুৱে ভাৰতৰ সৈতে একাত্ম হৈ গৈছিল। ঔৰংজেৱে উমানন্দক মাটিহে প্ৰদান কৰিছিল। আজিৰ দিল্লীও মোগলে গঢ় দিয়া বুলি প্ৰকাৰন্তে মুখ্যমন্ত্ৰীয়েও স্বিকৃতি দিছে। ভাৰতৰ স্বাধীন সংগ্ৰাম মোগলক বাদ দি অসম্পূৰ্ণ।

ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহাসিক বৰপেটা সত্ৰত আহি উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে বৰেপটা দখল কৰিব বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিছে সাংসদ আব্দুল খালেকে। তেওঁ কয় যে- বিজেপিয়েও বৰপেটা দখল কৰিব খোজে, এ আই ইউ ডি এফেও বৰপেটা দখল কৰিব খোজে। কংগ্ৰেছে চেষ্টা কৰি আছে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিবলৈ। দেশৰ মানুহে পৰিৱৰ্তন বিচাৰিছে, স্বচ্ছ নিৰ্বাচন হ'লে দিল্লীৰ পৰা মোডীয়ে বিদায় ল'ব লাগিব।