আৰম্ভ হ'ল দক্ষতা বিকাশ, নিয়োগ আৰু ঔদ্যোগিক চুক্তিৰ প্ৰক্ৰিয়া...

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ল দক্ষতা বিকাশ, নিয়োগ আৰু ঔদ্যোগিক চুক্তিৰ প্ৰক্ৰিয়া...

ডিজিটেল ডেস্ক : ৰাজ্যৰ উদ্যোগী, দক্ষতা আৰু নিয়োগ বিভাগৰ উদ্যোগত আৰম্ভ হ'ল বুজাবুজিৰ স্মাৰকপত্ৰ স্বাক্ষৰ কাৰ্যসূচী । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আৰম্ভ হোৱা এই কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সৈতে বিভিন্ন দিশত ৰাজ্য খনৰ উন্নয়নৰ বাবে সহযোগ আগবঢ়াব গুগল, এছ জে ভি এন লিমিটেড, টাটা ষ্ট্ৰাইভ, হেলথকেয়াৰ এছ এছ চি, লাৰ্চেন এণ্ড টাৰ্বো ইণ্ডিয়া, নৌকৰি ডট কম আৰু মাইক্ৰ'ছফ্টে ।

Advertisment

জনতা ভৱনৰ আলোচনা গৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানেও ।

ৰাজ্যখনত মূলত: সংস্থাপন, বিনিয়োগৰ বাবে গুগল, টাটা ষ্ট্ৰাইভ, নৌকৰি ডট কম আৰু মাইক্ৰ'ছফ্ট আনহাতে নৱীকৰণযোগ্য শক্তিৰ উৎপাদনৰ বাবে এছ জে ভি এন আৰু লাৰ্চেন এণ্ড টাৰ্বোৰ সৈতে যুটীয়া ভাৱে কাৰ্যপন্থা হাতত ল'ব এপিডিছিএল এ ।

এই বুজাবুজিৰ স্মাৰকপত্ৰ স্বাক্ষৰ চুক্তিৰ জৰিয়তে আগন্তুক সময়ত অসমক স্বাস্থ্য খণ্ডৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ হ'ব বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

assam bjp MoU