/asomiyapratidin/media/media_files/2025/04/24/WAxYDg5iRkolnOz9biIp.jpg)
ডিজিটেল ডেস্কঃ অসমৰ বিলুপ্তপ্ৰায় ভাষাসমূহৰ ডিজিটেল সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থা, নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাস। অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ অংশ হিচাপে তিনিটা থলুৱা বিপন্ন ভাষা খামিয়াং, টাইফাকে আৰু চিংফৌ ভাষাত উপলব্ধ আপুৰুগীয়া পুথি-লিখিত সাহিত্যসমূহৰ ডিজিটাইজেচন আৰু আর্কাইভিঙৰ প্রকল্প হাতত লোৱা হৈছে।
ইয়াৰ বাবে গুৱাহাটীৰ উজানবজাৰস্থিত ছহিদ ন্যাস ভবনত আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ মাজত এখন বুজাবুজিব চুক্তি সম্পাদন হৈছে। সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সম্পাদক মৃণাল তালুকদাৰে গুৱাহাটী ছহিদ ন্যাস ভবনত সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শর্মা, দিলীপ কুমাৰ দত্ত চৌধুৰীৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
প্ৰাৰম্ভিক পর্যায়ত এই পদক্ষেপৰ জৰিয়তে দহ হেজাৰতকৈ কম লোকে ব্যৱহাৰ কৰা অসমৰ অতি বিপন্ন তিনিটা থলুৱা ভাষা-খামিয়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। খামিয়াং, টাই ফাকে আৰু চিংফৌ জনগোষ্ঠীৰ ছাত্র সংগঠন, সামাজিক অনুষ্ঠান, বিশিষ্ট ব্যক্তিৰে আলোচনাৰে, সহযোগিতাৰে বিষয়টো আগুৱাই নিয়া হ'ব।
চুক্তি স্বাক্ষৰ হোৱাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি আছু, নন্দ তালুকদাৰ ফাউণ্ডেচন, অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ নেতৃত্বই থলুৱা বিলুপ্তপ্রায় ভাষাকেইটাৰ সংৰক্ষণ, প্ৰচাৰ-প্ৰসাৰ সম্পর্কীয় তেওঁলোকৰ ভৱিষ্যতৰ কার্যপন্থা ৰাজহুৱা কৰে। সংবাদমেল সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই তথ্য দাঙি ধৰে যে ইউনেস্ক'ৰ বিলুপ্ত আৰু বিলুপ্তপ্রায় ভাষাৰ তালিকাত সন্নিবিষ্ট হৈছে অসমৰ কেইবাটাও থলুৱা ভাষা।
বিশেষকৈ ইউনেস্ক'ৰ উদ্যোগত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু আই আই টি মুম্বাইৰ সমীক্ষাত দেশৰ ২৪৪ টা ভাষাৰ এখন তালিকা প্রকাশ হৈছে। য'ত গভীৰ বিপদাপন্নৰূপে চিনাক্ত ত্রিশটা ভাষাৰ ভিতৰত নাম সন্নিবিষ্ট হৈছে অসমৰ খামিয়াং ভাষাৰ।
তাৎপর্যপূর্ণভাবে এই ভাষাটো ভালকৈ ক'ব জনা, লিখিব জনা আৰু পঢ়িব জনা এজন ব্যক্তিহে সম্প্রতি জীয়াই আছে। প্রায় আশী বছৰ বয়স গৰকা লোকজন হৈছে মাৰ্ঘেৰিটাৰ পাৱেমুখ গাঁৱৰ ভোগেশ্বৰ থোমোং।
কিছু বছৰ পূর্বলৈকে তিনিজনমান লোকে ভাষাটো জানিছিল যদিও বাকীকেইজনৰ ইতিমধ্যে মৃত্যু হৈছে। অৱশ্যে তেওঁলোকৰ জীৱিত কালত অস্ট্রেলিয়াৰ গৱেষক স্টিফেন ম'ৰে আৰু এবিলাকৰ সহকাৰী অধ্যাপক ড০ পলাশ কুমাৰ নাথে ভাষাটোৰ সংৰক্ষণৰ ভালেখিনি কাম আগবঢ়াইছিল। বিশেষকৈ ভাষাটোৰ কথন ৰীতি, শব্দৰীতি আদিৰ ৰেকর্ডিঙৰ ব্যৱস্থা কৰাৰ লগতে আখৰজোঁটনি আদিক লৈও ভালেখিনি কাম সম্পন্ন হৈছে।
সেয়ে নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ 'ডিজিটাইজিং' অসম মঞ্চৰ অংশ হিচাপে খামিয়াং ভাষাৰ আপুৰুগীয়া পুথি-সাহিত্য সম্ভাৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। পৰৱৰ্তী পর্যায়ত টাই ফাকে আৰু চিংফৌ ভাষাৰ পুথি-লিখিত সাহিত্য সম্ভাৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ'ব।
আগন্তক পাঁচ মাহৰ ভিতৰত ডিজিটাইজেচনৰ কাম সম্পন্ন হ'ব বুলি মন্তব্য কৰে ড০ ভট্টাচার্যই। সংবাদমেলত আছুৰ সভাপতি উৎপল কুমাৰ শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনেও মন্তব্য প্রকাশ কৰি নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সম্পাদক মৃণাল তালুকদাৰে 'ডিজিটাইজিং অসম'ৰ কাম-কাজ সন্দর্ভত বিস্তৃত তথ্য দাঙি ধৰে।
এই প্রকল্পৰে বিগত চাৰি বছৰ ধৰি জড়িত হৈ থকা অভিজিৎ ভূঞাক সংবাদ মাধ্যমৰ সম্মুখত চিনাকি কৰি দি তালুকদাৰে 'ডিজিটাইজিং অসমে' ভবিষ্যতে কঢ়িয়াই আনিব পৰা সম্ভাবনীয়তাৰ কথা উল্লেখ কৰে। আনহাতে অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ ডাঃ নাৰায়ণ শর্মাই তথ্য দাঙি ধৰি কয় যে ইতিমধ্যে 'ডিজিটাইজিং অসম'ৰ জৰিয়তে ২.৯ নিযুত পৃষ্ঠা ডিজিটাইজড্ কৰা হৈছে।
যোৰহাটৰ চন্দ্রকান্ত সন্দিকৈ ভৱন, জে বি কলেজ, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু কামৰূপ অনুসন্ধান সমিতিত ডিজিটাইজেচনৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে। এই অভিযানৰ স'তে সদৌ অসম ছাত্র সন্থা (আছু) জড়িত হোৱাটো আশাৰ বতৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ই বলিষ্ঠভাবে আগুৱাই যোৱাত সহায়ক হ'ব।
ইপিনে সংবাদমেলত আছু নেতৃত্বই পুনৰ কয়- 'ডিজিটাইজিং অসম' (https://assamarchive.org/) পদক্ষেপ নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ এক সহযোগিতামূলক প্রচেষ্টা। বুজাবুজি চুক্তিৰ অধীনত সদৌ অসম ছাত্র সন্থাই গুৰুতৰভাবে বিপন্ন ভাষা-সাহিত্যৰ সংৰক্ষণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ লগতে ভৱিষ্যতে অসমৰ অন্যান্য জনজাতি আৰু জনগোষ্ঠীসমূহৰ বিপন্ন ভাষাসমূহৰ ক্ষেত্ৰতো একেধৰণৰ পদক্ষেপ লোৱাৰ প্ৰয়াস কৰিব।
এইক্ষেত্রত সদৌ অসম ছাত্র সন্থাই অসমৰ বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ পৰা পৰামর্শ গ্রহণ কৰি ঐক্যবদ্ধভাবে আগবঢ়াৰ পদক্ষেপ গ্রহণ কৰিব। অসম চুক্তিৰ ৬নং দফাৰ পৰিসৰৰ অধীনত এই ভাষাসমূহক কেনেদৰে সংৰক্ষিত কৰিব পৰা যায়, সেই বিষয়েও সদৌ অসম ছাত্র সন্থাই ভবিষ্যতে অসম চৰকাৰৰ সৈতে বৈঠকত আলোচনা কৰিব।
নন্দ তালুকদাৰ ফাউণ্ডেচনে প্রত্যেকটো জনগোষ্ঠীৰ সৈতে সহযোগিতামূলক পদক্ষেপেৰে ক্ষেত্রভিত্তিক ডিজিটেল ডকুমেন্টেচন আৰু ডিজিটেল আর্কাইভিঙৰ কাম সম্পাদন কৰি সকলো বিষয়বস্তু সূচীভুক্ত কৰি 'ডিজিটাইজিং অসম' ৱেব প্লেটফর্মত আপলোড কৰাটো নিশ্চিত কৰিব। এই প্রকল্পত বিপন্ন ভাষা বিশেষজ্ঞ ড০ পলাশ কুমাৰ নাথে অবৈতনিক প্রকল্প উপদেষ্টা হিচাপে দিহা-পৰামর্শ আগবঢ়াব।
এই বুজাবুজি চুক্তিখনে অসমৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয়সমূহ সুৰক্ষিত কৰাৰ বাবে ছাত্র সংগঠন, জাতীয় সংগঠন আৰু ৰাইজৰ মাজত এক উল্লেখযোগ্য সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে এই অমূল্য জ্ঞান পৰম্পৰাক ভবিষ্যৎ প্রজন্মৰ বাবে সুলভ হৈ থকাটো নিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।