মটৰচাইকেলেৰে অহা দুৰ্বৃত্তই পুখুৰীত ঢালিলে বিষ, নিধন ২৫ কুইণ্টলতকৈ অধিক মাছ...

মনোৱাৰা খাতুন আৰু তেওঁৰ স্বামী কলিম উদ্দীন সেখে নিজৰ পুখুৰীত মীন পালন কৰি দীৰ্ঘদিনে পৰিয়ালক পোহপাল দি আহিছে । দম্পত্তি হালে এই বেলি প্ৰায় ৬ লাখ টকাৰ মাছ পুখুৰীত মেলিছিল ।

author-image
Asomiya Pratidin
New Update
মটৰচাইকেলেৰে অহা দুৰ্বৃত্তই পুখুৰীত ঢালিলে বিষ, নিধন ২৫ কুইণ্টলতকৈ অধিক মাছ...

দুৰ্বৃত্তই পুখুৰীত ঢালিলে বিষ

ডিজিটেল সংবাদ, মানকাচাৰঃ মানকাচৰ থানা এলেকাৰ অধীনস্থ দিয়াৰাৰ নামৰ গাঁৱৰ মনোৱাৰা খাতুন আৰু তেওঁৰ স্বামী কলিম উদ্দীন সেখে নিজৰ পুখুৰীত মীন পালন কৰি দীৰ্ঘদিনে পৰিয়ালক পোহপাল দি আহিছে । দম্পত্তি হালে এই বেলি প্ৰায় ৬ লাখ টকাৰ মাছ পুখুৰীত মেলিছিল ।

Advertisment

ইয়াৰ মাজতেই শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত হঠাৎ মহিলাসহ দুই দুৰ্বৃত্তৰ দলে মটৰ চাইকেলেৰে আহি পুখুৰীত বিষ দলিয়াই দি পলায়নৰ চেষ্টা যায়। লগে লগে পুখুৰীত পহৰা দি থকা মনোৱাৰা খাতুন দুৰ্বৃত্তৰ পিছা কৰে যদিও মটৰ চাইকেলেৰে দুয়ো পলায়ন কৰে ।

ইফালে পুখুৰীত বিষ ঢালি দিয়াৰ বাবে পুৱাৰে পৰা পুখুৰীৰ মাছ সমূহ নিধন হবলৈ ধৰে। এটা দুটাকৈ প্ৰায় ২৫ কুইণ্টল মাছ নিধন হৈছে পুখুৰীৰ পৰা । দুস্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ পিছতেই গৰাকী কলিম উদ্দীন অসুস্থ হৈ পৰে । এনে ঘটনাৰ পৰিপেক্ষিতত চিকিৎসাধীন হ’বলগীয়া হৈছে কলিম উদ্দীন ।

কলিম উদ্দীনৰ পত্নী মনোৱাৰা খাতুনে মানকাচৰ থানাত এজাহাৰ দাখিল কৰে ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । এজাহাৰ খনত উল্লেখ কৰা অনুসৰি গাঁও খনৰে আমজাদ হুছেইন আৰু তেওঁৰ পত্নী আৰবিনা খাতুনে পুখুৰী খনত বিষ ঢালি দিয়াৰ অভিযোগ উত্থাপন হৈছে। দুয়োৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লক্ষণীয় যে পৰিয়াল দুটাৰ মাজত দীৰ্ঘ দিনৰ পৰা বাদ-বিবাদ চলি আছে। কাজিয়াৰ ফলত পূৰ্বে আমজাদ আলী মীন পালক জনক বিভিন্ন ভাবুকি প্ৰদান কৰি অহাৰো অভিয়োগ উত্থাপন হৈছে।

Also Read: ইতিহাস ৰচনা কৰিব অসম মন্ত্ৰীসভাই, দেওবাৰে বিধানসভাৰ অধ্যক্ষৰ সমষ্টিত ৰাজ্যিক কেবিনেট...

#mankacher