নগাঁৱৰ বৃদ্ধা আৱাসত বিশ্ব মাতৃ দিৱস উদযাপন

নগাঁৱৰ বৃদ্ধা আৱাসত বিশ্ব মাতৃ দিৱস উদযাপন

author-image
asomiyapratidin
New Update
নগাঁৱৰ বৃদ্ধা আৱাসত বিশ্ব মাতৃ দিৱস উদযাপন

ডিজিটেল সংবাদ,নগাঁও : বিশ্ব মাতৃ দিৱস উপলক্ষে নগাঁও চহৰৰ এক শিক্ষানুষ্ঠান চিল্ড্ৰেনচ্ হেভেন স্কুলৰ উদ্যোগত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা'ৰ বৃদ্ধা আৱাসত বৃদ্ধা আইতা সকলৰ সৈতে বিদ্যালয় খনৰ শিশু সকলে দেঁওবাৰে বিশ্ব মাতৃ দিৱস উদযাপন কৰে।

অনুষ্ঠানটিৰ আৰম্ভনিতে বৃদ্ধা আইতা সকলক ফুলাম গামোচাৰে সম্ভাষণ জনোৱাৰ লগে লগে এটি গীত পৰিৱেশন কৰে শিল্পী স্নিগ্ধা সৰকাৰে। অনুষ্ঠানটিৰ আঁৰ ধৰোতা উদীয়মান কবি পাপু মজুমদাৰে কয় যে, "আমাৰ জীৱনৰ প্ৰথম গুৰু মা-দেউতা, তেওঁলোকৰ পূজা কৰিলেই আমি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিম।"

উক্ত অনুষ্ঠানটিত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি কনক হাজৰিকা, আৱাস গৃহৰ অধীক্ষক ৰিতুমণি চহৰীয়া শৰ্মা, চিল্ড্ৰেনচ্ হেভেন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অজন্তা নন্দী, সমাজকৰ্মী ৰীতা গোহাঁই, শুক্লা মজুমদাৰ, নয়নমণি মিশ্ৰ, দেৱশ্ৰী নন্দী, মায়ামণি দেৱী, ৰুপা কুণ্ডু, ভূমিকা দত্ত, প্ৰসেনজিত সাহা। অনুষ্ঠানটিৰ সামৰণীত শিশু শিল্পী মৃন্ময় গিৰীৰ ঢোলৰ তালত বৃদ্ধা মাতৃ সকলে বিহু নৃত্য কৰি আনন্দ উপভোগ কৰে।

আৰু পঢ়ক: ৰং-তুলিকাৰে কলিয়াবৰ মহাবিদ্যালয় সজোৱাত ব্যস্ত এদল চিত্ৰশিল্পী

nagaon assam