মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্যঃ অৱশেষত ড্ৰাগছ মাফিয়া দিদাৰুল পৰিল জালত

ড্ৰাগছসহ গ্ৰেপ্তাৰ আন এটা সৰবৰাহকাৰীক
MOIRABARI
MOIRABARIMOIRABARI

ডিজিটেল সংবাদ মৈৰাবাৰীঃ শুকুৰবাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে মৈৰাবাৰীৰ ম'ষ্ট ৱাণ্টেড দিদাৰুল ইছলামক।বহু দিনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৱে মৈৰাবাৰীত চলাই আহিছিল অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

গ্ৰেপ্তাৰ হোৱা দিদাৰুল ইছলামৰ লগতে একেখন গাঁৱৰে আবু বক্কৰ ছিদ্দিক নামৰ এজন যুৱককো ড্ৰাগছ সৰবৰাহ কৰি থকা সময়ত গ্ৰেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে।গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ১০৪ টা ড্ৰাগছ ভৰ্তি কেণ্টেইনাৰ আৰু নগদ ৯৫০ টকা জব্দ কৰে।

উল্লেখ্য যে, দিদাৰুল ইছলামৰ নামত চুৰি, ডকাইতি, হত্যাকাণ্ড আদিৰ দৰে বহুতো জঘণ্য অপৰাধৰ অভিযোগ আছে। কুখ্যাত দিদাৰুল ইছলামক গ্ৰেপ্তাৰ কৰাত মৈৰাবাৰী আৰক্ষীক ভূয়সী প্ৰসংশা কৰিছে মৈৰাবাৰীৰ সচেতন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in