/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ee0fbafb-f9b4-40b1-9e79-3e41a0df3de4/mahalaya1.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : আজি শুভ মহালয়া । বিশ্বাস কৰা হয় যে আজিৰ দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায়। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে।
মহালয়া উপলক্ষে বাবে মঙলদৈত অনুষ্ঠিত হৈছে প্ৰভাতফেৰি । মঙলদৈ পৌৰসভাৰ উদ্যোগত মহালয়া উপলক্ষে উলিওৱা প্ৰফাতফেৰিত যথেষ্ঠ সংখ্যক লোকে অংশগ্ৰহণ কৰে । প্ৰভাতফেৰিৰ অন্তত মঙলদৈ নদীৰ ঘাটত অনুষ্ঠিত হব তৰ্পণ কাৰ্যসূচী ।
উল্লেখযোগ্য যে, মঙলদৈ আৰু খাৰুপেটীয়াৰ কেইবাখনো পূজা মণ্ডপত মহালয়া উপলক্ষে চণ্ডী পাঠ চলি আছে।