/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/puwar-khobor-3.jpg)
১. ৰাজ্যত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হ'ল মুঠ ১,২৯৯ জন ব্যক্তি। এই সময়চোৱাত কোভিড পৰীক্ষা কৰোৱা হৈছিল ১,২৮,৬৮৪ গৰাকী ব্যক্তিৰ। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ১.০১ শতাংশ।
২. বিগত ২৪ ঘণ্টাত সৰ্বাধিক কোৰোনাত আক্ৰান্তৰ তালিকাত শীৰ্ষত থাকিল কামৰূপ মহানগৰ।জিলাখনত বিগত ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হ'ল ১৮৪ জন ব্যক্তি। আনহাতে লখিমপুৰত ১০৩ জন, গোলাঘাটত ৯১ জন আৰু ডিব্ৰুগড়ত ৭০ জন লোক কোৰোনাত আক্ৰান্ত হৈছে।
৩. যোৱা ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ২০ জন লোকৰ। ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে যোৰহাট জিলাতষ জিলাখনত দিনটোত মৃত্যু হৈছে ৪ জন লোকৰ। আনহাতে বৰপেটা, গোলাঘাট, কাৰ্বি আংলং, মৰিগাঁৱত ২ জনকৈ, চিৰাং, হাইলাকন্দি, হোজাই, কামৰূপ মহানগৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু নলবাৰী জিলাত ১ জনকৈ ব্যক্তিয়ে কোভিডত প্ৰাণ হেৰুৱাইছে।
৪. আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা ২০২১ বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ১১ বজাত ঘোষণা কৰা হ'ব এই ফলাফলসমূহ।
৫. এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২৬৫৫৩জন পৰীক্ষাৰ্থী। ইফালে, হাইমাদ্ৰাছাত ১২২৭৫জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। প্ৰাৰ্থীসকলক তেওঁলোকৰ মাৰ্কচিট সমূহ ডাউনল'ড কৰিবলৈ ছেবাই দিছে বহু কেইটা ৱেবছাইট।
৬. অলিম্পিকত আজি কোৱাৰ্টাৰ ফাইনেল মেচত অংশগ্ৰহণ কৰিব অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হ'ব চাইনিজ টাইপেৰ শক্তিশালী চেন নিয়েন চিন।
৭. অলিম্পিক স্বৰ্ণ জয়ৰ আশা পূৰণ নহ'ল মেৰী কমৰ। পূৰ্বৰ অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী উত্তৰ পূবৰ বক্সাৰগৰাকী ৪৮ কেজি শাখাত কলম্বিয়াৰ ইংগ্ৰীট ভেলেন্সিয়াৰ হাতত ২-৩ ব্যৱধানত পৰাজিত হয়।
৮. বিশিষ্টা লেখিকা অনিমা গুহৰ দেহাৱসান। উলুবাৰীস্থিত বাসভৱনত মৃত্যু হৈছে অনিমা গুহৰ।
প্ৰখ্যাত নিবন্ধকাৰ অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ। ৯০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনিমা গুহে। তেওঁৰ মৃত্যু অনুৰাগীসকলৰ শোকপ্ৰকাশ।
৯. অসম চৰকাৰৰ গৃহ বিভাগৰ সতৰ্ক বাণী। মিজোৰামত কৰ্মৰত হৈ থকা অসমৰ লোকসকলক সতৰ্ক হোৱাৰ আহ্বান অসম চৰকাৰ গৃহ বিভাগৰ।অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাতে এই নিৰ্দেশনা।
১০. অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান অসম চৰকাৰৰ গৃহ বিভাগৰ। অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ঘটনাৰ পাছতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুয়ো ৰাজ্যৰ মাজত উত্তেজনা। মিজোৰাম চৰকাৰ, আৰক্ষী, দল, সংগঠনে ধাৰাবাহীকভাৱে অসমৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ অভিযোগ।