/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/puwar-khobor.jpg)
১. বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৪৬ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত মুঠ ৬,০০৯ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰোৱা হৈছেল। সেই অনুসৰি কোভিড পজিটিভিটিৰ সংখ্য়া ০.৭৭ শতাংশ।
২. বিগত ২৪ ঘণ্টাত কোকৰাঝাৰ জিলাত সৰ্বাধিক ১১ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে কামৰূপ মহানগৰত ০ জন, যোৰহাটত ৩ জন, বিশ্বনাথত ২ জন লোক কোৰোনাত আক্ৰান্ত হৈছে।এই সময়ছোৱাত কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰ জিলাত ১ জনকৈ লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।
৩. কলকাতাত থকা ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টি-২০ত শুকুৰবাৰে ভাৰতীয় দলটোৱে আলহী দলটোক ৮ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে তিনিখন টি-২০ৰ চিৰিজটো ভাৰতে জয় কৰিবলৈ সক্ষম হৈছে। চিৰিজৰ প্ৰথমখন মেচো আছিল ভাৰতৰ পক্ষত।
৪. দেশৰ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীয়ুষ গোৱেলে ইউ এইৰ প্ৰতিনিধিৰ সৈতে শুকুৰবাৰে এক অৰ্থনৈতিক অংশীদাৰিত্বৰ চুক্তি স্বাক্ষৰ কৰে। ভাৰত-ইউএইৰ চি.ই.পি.এ. অহা পাঁচ বছৰত সামগ্ৰী বাণিজ্যৰ ক্ষেত্ৰত প্ৰায় ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ।
৫. পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ অভিযোগ, নিষিদ্ধ ঘোষিত 'শিখছ ফৰ জাষ্টিচ' আম আদমী পাৰ্টিৰ সৈতে সম্পৰ্কত আছে। এই বিষয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে।গৃহমন্ত্ৰী অমিত শ্বাহে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পত্ৰৰ উত্তৰত আশ্বাস দিছে যে ভাৰত চৰকাৰৰ দ্বাৰা বিষয়টো সন্দৰ্ভত গুৰুত্বলহকাৰে পদক্ষেপ গ্ৰহণ কৰিব।
৬. জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্শাদ মাদানীয়ে আহমেদাবাদ বিস্ফোৰণ সন্দৰ্ভত শুকুৰবাৰে ন্যায়ালয়ে প্ৰদাণ কৰা ৰায়ত অসন্তুষ্টি প্ৰকাশ কৰিছে। বিশেষ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ কথাও তেওঁ ঘোষণা কৰিছে। এই বিষয়ত তেওঁ কয় যে, বিশেষ আদালতৰ সিদ্ধান্ত অবিশ্বাস্য।
৭. পৰাগ কুমাৰ দাস মেমৰিয়েল ট্ৰাষ্টে আয়োজন কৰা প্ৰথম বাৰ্ষীক স্মাৰক বক্তৃতা ২৪ ফেব্ৰুৱাৰীত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুষ্ঠিত হব।বক্তৃতাৰ বিষয় 'স্বাধীনতাৰ প্ৰস্তাব- যুগে যুগে'। বক্তৃতা প্ৰদান কৰিব ড০ তিলোত্তমা মিশ্ৰই।
৮. অহা মাহত মুকলি হ'বলগীয়া অসমৰ বাজেট সন্দৰ্ভত আলোচনা কৰিবলৈ মই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক লগ কৰিবলৈ আহিছিলো। মই কেন্দ্ৰীয় বাজেটৰ পৰা ৰাজ্যখনৰ বাবে কি আশা কৰিব পাৰোঁ তাৰ আকলন পাবলৈ বিচাৰিছিলো। কিয়নো ই আমাক আমাৰ ৰাজ্যিক বাজেট গঠনত সহায় কৰিব। শুকুৰবাৰে নিশা দিল্লীত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
৯. তেওঁ লগতে কয়, অসম আৰু মেঘালয় সীমা বিবাদৰ ক্ষেত্ৰত, আমি ইতিমধ্যে ৬ টা বিবাদ সমাধান কৰিছো আৰু আমি যুটীয়াভাৱে এই সন্দৰ্ভত ভাৰত চৰকাৰলৈ পত্ৰ লিখিছো। অন্যান্য বিতৰ্কিত অঞ্চলবোৰ নিৰ্ধাৰণ কৰাৰ পিছত, অধিক আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব।
১০. গোলকগঞ্জৰ বানিয়ামাৰীত ৰে'লে মহটিয়ালে চাৰিচকীয়া বাহন। উজনিমুৱা ডেম' ৰে'লে মহটিয়ালে এল্ট' বাহনখনক। এল্ট'খনৰ ভিতৰতে আবদ্ধ হৈ আছিল চালক দিলোৱাৰ হুছেইন।শিলিগুৰিৰ পৰা নিউ বঙাইগাঁও অভিমুখী আছিল ৰে'লখন।