মোৰাঝাৰত দুটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন

বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৰাঝাৰ গাওঁ পঞ্চায়তত দেওবাৰে এনৰেগাৰ অধীনত দুটা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
মোৰাঝাৰত দুটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ,মোৰাঝাৰঃ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৰাঝাৰ গাওঁ পঞ্চায়তত দেওবাৰে এনৰেগাৰ অধীনত দুটা আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। পঞ্চায়তটোৰ অন্তৰ্গত মোৰাঝাৰ খেল পথাৰত নলা নৰ্দমা নিৰ্মাণৰ লগতে জলসিঞ্চন বিভাগৰ মোৰাঝাৰ শাখা চৌহদত মাটি ভৰোৱা আঁচনি দুটাৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চৰ সভাপতি চুহেল আহমেদে ।

Advertisment

এনৰেগা আঁচনিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত মোৰাঝাৰ খেল পথাৰত নলা নৰ্দমা নিৰ্মাণৰ বাবে ৩৮.৮২০৩১ লাখ টকা মঞ্জুৰ কৰিছে বিভাগে । আনহাতে এনৰেগা আঁচনিৰ অধীনত জলসিঞ্চন বিভাগৰ মোৰাঝাৰ শাখা চৌহদত মাটি ভৰোৱা কামৰ বাবে আৱণ্টণ হয় ২০.৪৪৮৫৪ লাখ টকা ।

উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা মোৰাঝাৰ খেল পথাৰৰ পৰা অতিৰিক্ত পানী নিষ্কাষিত কৰিবলৈ কোনো নলা নৰ্দমাৰ ব্যৱস্থা নাছিল। ফলত বছৰটোৰ বেছি ভাগ সময়ত একাঠু পানীত ডুব গৈ আছিল মোৰাঝাৰ খেল পথাৰ । সমান্তৰালভাৱে জলসিঞ্চন বিভাগৰ মোৰাঝাৰ শাখা চৌহদৰ পৰা অতিৰিক্ত পানী ওলাই যাবলৈ ব্যৱস্থা নথকাত গোটেই চৌহদটো অধিকাংশ সময় পানীত ডুব গৈছিল।

বিন্নাকান্দি আঞ্চলিক পঞ্চায়তে এনৰেগাৰ অধীনত দুটা আঁচনিৰ ধন মোকলাই দিয়াত মোৰাঝাৰ অঞ্চলৰ বহু দিনীয়া অভাৱ পূৰণ হব বুলি স্থানীয় সচেতণ ৰাইজে মত পোষণ কৰাৰ লগতে বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বেফালী চক্ৰৱৰ্তীক ধন্যবাদ জ্ঞাপন কৰিছে ।

Also Read: যুৱতীক দলবদ্ধ ধৰ্ষণ বিজেপি নেতাৰ পুত্ৰসহ আন ৩ জনৰ! ভুক্তভোগীৰ আত্মহত্যাৰ চেষ্টা