পথৰ কাষত থকা দোকানত খুন্দা তীব্ৰবেগী বাহনৰ, আহত শিশু সহ ৫ জন…

পথৰ কাষত থকা দোকানত খুন্দা তীব্ৰবেগী বাহনৰ, আহত শিশু সহ ৫ জন…

author-image
asomiyapratidin
New Update
পথৰ কাষত থকা দোকানত খুন্দা তীব্ৰবেগী বাহনৰ, আহত শিশু সহ ৫ জন…

ডিজিটেল সংবাদ মোৰাঝাৰ: হোজাই জিলাৰ মোৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মোৰাঝাৰ নীলবাগান গড়কপ্তানী পথৰ কাষত থকা দোকানত তীব্ৰবেগী বাহনে খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

Advertisment

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশু সহ ৫ গৰাকীকৈ লোক। তীব্ৰ বেগী চুইফট ডিজেয়াৰ গাড়ীয়ে ৰাস্তাৰ কাষৰ দোকানত খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।

নিলবাগান দিশৰ পৰা মোৰাঝাৰ অভিমুখে গৈ থকা AS- 01 AH 0690 নম্বৰৰ বাহনে পথৰ কাষৰ দোকানত তীব্ৰবেগে খুন্দা মৰাৰ ফলত শিশু সহ ৫ গৰাকী লোক গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়। ফলত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পিছত ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হয়। আৰক্ষীৰ আৰু স্থানীয় ৰাইজৰ তৎপৰতাত আঘাতপ্ৰাপ্ত লোকসকলক হোজাই হাম হস্পিটেললৈ প্ৰেৰণ কৰা হয়। সংকটজনক অৱস্থাত দোকানখনৰ গৰাকী সুতাৰপুৰ গাঁৱৰ আব্দুল মানিক(৪৫)বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: মায়ং আঞ্চলিক মহাবিদ্যালয়ত এগৰাকী ছাত্রীৰ আত্মহত্যা, অঞ্চলজুৰি চাঞ্চল্য…

assam road accident