/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-21-at-7.51.31-PM.jpeg)
ডিজিটেল সংবাদ, মোৰাঝাৰ: বৃহস্পতিবাৰে পুৱতি নিশা হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসৰ নেতৃত্বত মোৰাঝাৰ আৰক্ষীৰ এটা দলে যমুনাগাৱত অভিযান চলাই অবৈধ ভাৱে বালি ভৰ্তি দুখন ট্ৰাক ,এখন ট্ৰেক্টৰ আৰু দুটা মেচিন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে , আজি পুৱতিনিশা গোপন খবৰৰ ভিত্তিত মোৰাঝাৰ থানাৰ অন্তৰ্গত পশ্চিম যমুনা গাঁৱত যমুনা নদীত অবৈধ বালি খননৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলায় । অবৈধ ভাৱে বালি খনন কৰা অৱস্থাত এএছ ০২ চিচি ১৯৯৪ আৰু এএছ ০২ চিচি ২৪৬১ নম্বৰৰ বালি ভৰ্তি দুখন বলেৰ পিক আপ জব্দ কৰে ।
উক্ত বালি সৰবৰাহত জড়িত থকা পাৰুল ইছলাম , আব্দুল ৰছিদ আৰু জাকিৰ হুছেইনক আৰক্ষীয়ে আটক কৰে । ইয়াৰ সমান্তৰালকৈ দক্ষিণ দেৱস্থান যমুনা নদীত আৰক্ষীয়ে অভিযান চলাই অবৈধ বালি ভৰ্তি এখন ট্ৰেক্টৰ আৰু দুটা বালি উত্তোলন কৰা মেচিন জব্দ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে , সুদীৰ্ঘ দিন ধৰি হোজাই জিলাত এটা বালি মাফিয়া চক্ৰই যমুনা নদীৰ বিভিন্ন স্থানত অবৈধ ভাৱে বালি ঘাট স্থাপন কৰি বালি সৰবৰাহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত এটা চক্ৰই বালি সৰবৰাহ কৰি আহিছে । আটকাধীন বালি সৰবৰাহ কাৰী তিনিটাক মোৰাজাৰ আৰক্ষী থানাত অধিক তথ্য উদ্ঘাটন কৰিবলৈ মাৰাথন জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।
আৰু পঢ়ক: ৬ হত্যাকাৰীৰ বিৰুদ্ধে বিলাসীপাৰাত অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান