/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d92831c4-7a4b-48c9-822d-cedaebf458d0/AP_Thumbnail_Bhaona.jpg)
ডিজিটেল সংবাদ, মৰিয়নি: মৰিয়নি সমষ্টিৰ আদৰ্শ দানী গাৱঁৰ এজাক ব্যতিক্ৰমি ১০-১২ বছৰীয়া শিশু। শিশু জাকৰ ব্যতিক্ৰমি চিন্তা আৰু প্ৰচেষ্টাৰে ভাওনা মঞ্চস্থ।
মোবাইলত গেম খেলি নহয়, আজৰি সময়ত মন মেলিলে এখন ভাওনা কৰাৰ। সেয়ে পেলনীয়া কাৰ্টুন কাটি ৰং বিৰংৰ প্ৰেজেণ্ট পেপাৰ, কফিৰ কাপ লগাই প্ৰস্তুত কৰিলে ভাওনাৰ পোছাক।
বছৰ জোৰা আখৰাৰ অন্তত মৰিয়নিৰ এজাক তৰুণে গাঁৱৰে এঘৰৰ চোতালত নিজে ৰভা দি সাজু হ'ল নাট মঞ্চস্থ কৰিবলৈ। শিশু জাকে যেন পণহে লৈছিল গুৰু জনাৰ সৃষ্টি ভাওনা মঞ্চস্থ কৰিব। সেয়ে দিনত উপবাস আৰু সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে নাম প্ৰংসগ কৰি গায়ন বায়নেৰে নিশালৈ মঞ্চস্থ কৰিলে "দক্ষ যজ্ঞ সতী দেহ ত্যাগ"নাট। শিশু জাকৰ এই ভাওনা উপভোগ কৰিবলৈ ওলায় আহিল গাঁওৰ ৰাইজ।
Also Read: স্বৰ্ণ জয়ৰ দুৱাৰডলিত লাভলীনা : বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অসম কন্যা