/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/hundread.jpg)
ডিজিটেল সংবাদ মৰিয়নী: সম্প্ৰতি যোৰহাট জিলাত কোভিড-১৯ ৰ ভয়াৱহতালৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ লকডাউন দিয়া হৈছে৷ তেনে সময়তে মৰিয়নী সমষ্টিৰ অন্তৰ্গত দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত অসম চাহ নিগমৰ অধীনষ্ঠ নাগিনিজান চাহ বাগিচাৰ ইটাভাটা লাইনৰ নিবাসী বিমল নায়কৰ পত্নী প্ৰীতি নায়ক (২৪) কোভিড আক্ৰান্ত হৈ মৃত্যু হয় ৷
ক্লিক কৰি পঢ়কঃ অখিল গগৈক সদনৰ পৰা বহিষ্কাৰৰ হুংকাৰ অধ্যক্ষৰ…
মৃত মহিলা গৰাকীৰ অন্তেষ্টিক্ৰিয়াত শতাধিক লোকে অংশগ্ৰহন কৰে বুধবাৰৰ দিনটোত৷ মহিলা গৰাকী কোভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত বৃহস্পতিবাৰে বাগিচা কতৃপক্ষৰ তৰফৰ পৰা দেবেৰাপাৰ আদৰ্শ চিকিৎসালয় স্বাস্থ্য কৰ্মীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে বৃহস্পতিবাৰে বাগিচাৰ দুটা স্থানত কোভিড পৰীক্ষা কৰা হয় ৷ পৰীক্ষাৰ অন্তত আঠগৰাকী লোকৰ দেহত পুনৰ কোভিডৰ অৱস্থিতি ধৰা পৰাত সমগ্ৰ বাগিচাখনত আতংকৰ সৃষ্টি হৈছে।মৰিয়নীৰ ৰাজহচক্ৰ বিষয়াই জানিবলৈ দিয়া মতে চাহ বাগিচাখনত পুনৰ শুক্ৰবাৰে কোভিড পৰীক্ষা কৰা হব ৷