/asomiyapratidin/media/media_files/2025/02/17/pPJF8UIxiKbaFFaCvXeT.jpg)
মৰিগাওঁ Photograph: (মৰিগাওঁ)
ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁও আৰক্ষীৰ জালত সোণৰ চেইন, খাৰু, আঙুঠি, শৰাই, গোঁসাই ঘৰত ব্যৱহিত কাঁহ - পিতলৰ সামগ্ৰী, কাঁহৰ কাঁহী বাতি, এখন মটৰ চাইকেলত নম্বৰ প্লেট সহ তিনিটা চিলনী চোৰ। বিগত সন্ধিয়া মৰিগাঁও চহৰত এগৰাকী মহিলা আৰক্ষী আৰু সান্ধ্য ভ্ৰমণ কৰে দুগৰাকী মহিলাৰ পৰা পৃথকে পৃথকে দুটা স্থানৰ পৰা মটৰ চাইকেলত আহি থপিয়াই নিছিল মোবাইল ফোন।
চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতেই অভিযান চলাই আৰক্ষীয়ে মৰিগাঁও চহৰৰ পৰা এখন নম্বৰ প্লেট বিহীন মটৰ চাইকেলৰ সৈতে তিনিটা চুৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। এইকেইটা কুখ্যাত চিলনী চোৰৰ পৰা সাৰি নাযায় মহিলা আৰক্ষী পৰা সাধাৰণ মহিলা। ধৃত চুৰ কেইটা ক্ৰমে দীপাংকৰ ওৰফে ডিম্পল নাথ, নিৰেন্দ্ৰ দাস আৰু লক্ষ্য জ্যোতি শৰ্মা। উল্লেযোগ্য যে কেইদিনমান পূৰ্বে হোজাই জেল ৰ পৰা ওলাই আহিছে চোৰ কেইটা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us