
বৰচলা পঞ্চায়ত সচিব হবিবোৰ ৰহমানক নিলম্বনৰ নিৰ্দেশনা জাৰি কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কাইৰিয়ে।
চতুৰ্থদশ বিত্তীয় আয়োগৰ ৬ টাকৈ আঁচনিৰ ধন সঠিক ভাৱে ব্যৱহাৰ নকৰাৰ বাবে নিলম্বন পঞ্চায়ত সচিব হবিবোৰ ৰহমানক।
হবিবোৰ ৰহমানৰ দুৰ্নীতিৰ বিৰুদ্ধে লাহৰিঘাটৰ বিধায়ক আছিফ নজৰ, বৰচলা পঞ্চায়তৰ সভাপতি আবু হানিফৰ উপৰিও অন্য বহু লোকে লিখিত অভিযোগ দিছিল আয়ুক্তৰ বিক্ৰম কৈৰিক।
মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই তদন্ত কৰি দিয়া প্ৰতিবেদন ভিত্তিত নিলম্বন।
যিকোনো আঁচনি আবন্টনৰ বাবে হিতাধিকাৰীৰ পৰা মুকলিকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ আছিল এই পঞ্চায়ত সচিব জনৰ বিৰুদ্ধে।
প্ৰধানমন্ত্ৰী আবাস গৃহ আবন্টনৰ বাবেও মুকলিকৈ ধন সংগ্ৰহ কৰিছিল এই পঞ্চায়ত সচিব হবিবোৰে।