মৰিগাঁও নিৰ্বাচন জিলাত জব্দ ৩৮,৩৫,১৫০ টকাঃ নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন...

জিলা আয়ুক্তৰ সংবাদ মেলঃ মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ভোটাৰৰ সংখ্যা ৭,২৫,৮০১ গৰাকী
মৰিগাঁও নিৰ্বাচন জিলাত জব্দ ৩৮,৩৫,১৫০ টকাঃ নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন...
মৰিগাঁও নিৰ্বাচন জিলাত জব্দ ৩৮,৩৫,১৫০ টকাঃ নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন...

ডিজিটেল সংবাদ মায়ংঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিখন জিলাৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰী সকলো নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে। নিৰ্বাচন সন্দৰ্ভত আজি জিলা আয়ুক্তৰ সভা কক্ষত এখন সংবাদ মেল অনুষ্ঠিত হয়।

ৰাজ্যৰ আন চাৰিটা সমষ্টিৰ লগতে ৯ নগাঁও লোকসভা সমষ্টিৰ বাবেও অহা ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হ'ব। সেই অনুসৰি নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচন জিলাত ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত কৰাৰ বাবে মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচন শাখাই ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

আজি মৰিগাঁও নিৰ্বাচন জিলাৰ ব্যয় পৰ্যবেক্ষক পাচিয়াপ্পান পিৰ উপস্থিতিত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱাশীষ শৰ্মাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰি ভোটগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে, নগাঁও সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

২৬ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অহা ৪ জুনত ভোটগণনা কৰা হ'ব আৰু ৬ জুনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পন্ন হ'ব। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নগাঁও সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচন জিলাৰ তিনিটা সমষ্টি ক্ৰমে ৫২ নং জাগীৰোড (অনুসূচিত জাতি), ৫৩ নং লাহৰিঘাট আৰু ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হ'ব।

মৰিগাঁও নিৰ্বাচন জিলাত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা ৭,২৫,৮০১ গৰাকী। ইয়াৰে ৩,৬৬,৬৭৮ গৰাকী পুৰুষ ভোটাৰ, ৩,৫৯,১১২ গৰাকী মহিলা ভোটাৰ আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। জাগীৰোড সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২,৩৮,৯৮১ গৰাকী। ইয়াৰে ১,১৯,৬৮৫ গৰাকী পুৰুষ আৰু ১,১৯,২৯৬ গৰাকী মহিলা।

লাহৰীঘাট সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২,৮৩,৬৩৪ গৰাকী। ইয়াৰে ১,৪৫,৮৮৩ গৰাকী পুৰুষ, ১,৩৭,৭৪২ গৰাকী মহিলা ৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। মৰিগাঁও সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,০৩১৮৬ গৰাকী। ইয়াৰে ১,০১১১০ গৰাকী পুৰুষ, ১,০২০৭৪ গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটাৰ। মুঠ ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ১৬৬৩ গৰাকী। এইবাৰ মৰিগাঁও নিৰ্বাচন জিলাত যুৱ ভোটদাতাৰ সংখ্যা ১৩,০১৯ জন আৰু জ্যেষ্ঠ নাগৰিক ভোটদাতাৰ সংখ্যা ৩৭১২ গৰাকী।

জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে কয় যে, মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৯১১ টা। ইয়াৰে জাগীৰোড সমষ্টিত ৩২২ টা, লাহৰীঘাট সমষ্টিত ৩২৩ টা আৰু মৰিগাঁও সমষ্টিত ২৬৬ টা। ২৯ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু ইয়াৰে ছটা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে।

আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰকেইটা হ'ল জাগীৰোড বিধানসভা সমষ্টিৰ ১৪৬ জাগী এম ভি স্কুল (পূব) আৰু ১৪৭ জাগী এম ভি স্কুল (পশ্চিম), লাহৰিঘাট সমষ্টিৰ ৬২ ভূৰাগাঁও মহাবিদ্যালয় (পূব) আৰু ৬৩ ভূৰাগাঁও মহাবিদ্যালয় (উত্তৰ) আৰু মৰিগাঁও সমষ্টিৰ ১২৩ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (সোঁফাল) আৰু ১২৪ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাওঁফাল)। মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত কেৱল যুৱ ভোটগ্ৰহণকাৰীৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা তিনিটা।

সেইকেইটা হ'ল জাগীৰোড সমষ্টিৰ ৩০২ ঔজাৰি প্ৰাথমিক বিদ্যালয় (দক্ষিণ), লাহৰিঘাট সমষ্টিৰ ৮৪ ভূৰাগাঁও হস্পিটেল ৰোড প্ৰাথমিক বিদ্যালয় (পশ্চিম) আৰু মৰিগাঁও সমষ্টিৰ ১৩৩ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য)। আনহাতে বিশেষভাৱে সক্ষম মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰটো হ'ল মৰিগাঁও সমষ্টিৰ ৪৭ মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় (পশ্চিম)।

জিলাখনত ২৯ টা ভোটগ্ৰহণ কেন্দ্ৰ জটিল (Critical) হিচাপে বিবেচিত হৈছে। সমগ্ৰ নিৰ্বাচন জিলাখনক ৮৭ টা ছেক্টৰ আৰু ২৪ টা জ'নত ভাগ কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াটোত সংৰক্ষিতসহ ৪৩৭৩ গৰাকী ভোটগ্ৰহণকাৰী বিষয়া আৰু ২৯ টা জটিল ভোটগ্ৰহণ কেন্দ্ৰত ২৯ গৰাকী মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে।

জিলা আয়ুক্তগৰাকীয়ে কয় যে, মৰিগাঁও নিৰ্বাচন জিলাত গৃহ ভোটিং (Home Voting) অৰ্থাৎ ভোটগ্ৰহণ কেন্দ্ৰলৈ আহিব নোৱাৰা ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া অহা ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ৫৪৫ গৰাকী বিশেষভাৱে সক্ষম আৰু আৰু ৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটদাতাই ঘৰতে ভোট দিব পাৰিব। ৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ মুঠ ৪০৪ গৰাকী জ্যেষ্ঠ নাগৰিকে ঘৰতে ভোট দিব পাৰিব। একেদৰে মুঠ ১৪১ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই ঘৰতে ভোটদান কৰিব পৰিব।

অহা ১৭ আৰু ১৮ এপ্ৰিলত প্ৰথম পৰ্যায় আৰু ১৯ আৰু ২০ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত মৰিগাঁও নিৰ্বাচন জিলাত গৃহ ভোটগ্ৰহণ সম্পন্ন হ'ব। আনহাতে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলৰ বাবে ১৯ এপ্ৰিলত জিলা আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ কৰা হ'ব।

মৰিগাঁও নিৰ্বাচন জিলাত নিয়োজিত আৰক্ষীৰ লোকসকলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৪ এপ্ৰিলত ভোটদান কৰে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২২ এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ৰ বাবে অহা ২ মে'ত ভোট দিব পাৰিব। ৰোগাক্ৰান্ত, বিশেষভাৱে সক্ষম, গৰ্ভৱতী আৰু অশীতিপৰ ভোটদাতাসকলৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন অনুসৰি হুইল শ্বেয়াৰৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় যে, ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই মৰিগাঁও জিলাতো আৰ্হি আচৰণ বিধি বলৱৎ হৈছে। যদি নিৰ্বাচনী আৰ্হি আচৰণবিধি উলঙ্ঘনৰ কোনো বিষয় দৃষ্টিগোচৰ হয় তেনেহ'লে এই সংক্ৰান্তীয় ওজৰ-আপত্তি c-Vigil এপত দাখিল কৰিব পাৰিব অথবা নিয়ন্ত্ৰণ কক্ষৰ ১৯৫০ টোল ফ্ৰী নম্বৰত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব বুলি তেওঁ কয়।

আৰ্হি আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লায়িং স্কোৱাড, ষ্টেটিক চাৰ্ভিলেঞ্চ দল, ভিডিঅ' নিৰীক্ষণ দল, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ১৪ এপ্ৰিললৈকে মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ৩৮,৩৫,১৫০ টকা জব্দ কৰা হয়। তেওঁ কয় যে মৰিগাঁও নিৰ্বাচন জিলাত ইতিমধ্যে সাধাৰণ পৰ্যবেক্ষক হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া এইচ বাসৱৰাজেন্দ্ৰ, ব্যয় পৰ্যবেক্ষক হিচাপে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া পাচিয়াপ্পান পি. আৰু আৰক্ষী পৰ্যবেক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱা বিষয়া গোপীনাথ জাট্টিক নিয়োগ কৰা হৈছে।

মৰিগাঁও নিৰ্বাচন জিলাত নিৰ্বাচন সংক্ৰান্তীয় কোনো ওজৰ-আপত্তি থাকিলে সাধাৰণ পৰ্যবেক্ষকগৰাকীক পোনপটীয়াকৈ ৮৪৭২০-৪৭৮৮১ দূৰভাষ নম্বৰত যোগাযোগ কৰিব পাৰিব। আনহাতে আৰক্ষী পৰ্যবেক্ষকগৰাকীক যিকোনো আইন-শৃংখলা আৰু নিৰাপত্তা সম্পৰ্কীয় ওজৰ-আপত্তি থাকিলে 80088-89160 নম্বৰত যোগাযোগ কৰিব পাৰিব। নিৰ্বাচনী ব্যয় সম্পৰ্কীয় যিকোনো বিষয় বা অভিযোগ সম্পৰ্কত ব্যয় পৰ্যবেক্ষকগৰাকীক 8472047876 নম্বৰত যোগাযোগ কৰিব পাৰিব।

অথবা observercellnagaon24@gmail.com ত মেইল কৰিব পাৰিব। সংবাদমেলৰ পিছত জিলা আয়ুক্ত আৰু ব্যয় পৰ্যবেক্ষকগৰাকীয়ে ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতেও এখন বৈঠকত মিলিত হয়। আজিৰ সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী আৰু জিলা নিৰ্বাচন বিষয়া জাগৃতি কলৱাৰ উপস্থিত আছিল।

মৰিগাঁও নিৰ্বাচন জিলাত জব্দ ৩৮,৩৫,১৫০ টকাঃ নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন...
কচুৱাত কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়কৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in