/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ কেইবাজনো সুৰক্ষা কৰ্মী আহত...
জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত।
কনভয়ত থকা চাৰিখন বাহনৰ দুৰ্ঘটনাত পতিত।
ফলত বাহন কেইখনত থকা কেইবাজনো লোক আঘাতপ্ৰাপ্ত।
আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ সৈতে নিয়োজিত সুৰক্ষা কৰ্মীও।
গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে গৈ আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয়।
দুৰ্ঘটনাত পতিত হোৱা বাহন চাৰিখনৰ দুখন ইন'ভা, এখন ছুইফ্ট ডিজায়াৰ আৰু এখন জীপ।
ইয়াৰে এখন ইন'ভাৰ নম্বৰ এ এছ০১ ই জে ৮০০৪, জীপখনৰ নম্বৰ এ এছ ০১ বি আৰ ০০৯৪।
Also Read: শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথৰ তোৰণ নিৰ্মাণৰ শুভাৰম্ভণ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ..