/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3ea115fd-6fd2-4c58-9248-d9915f874448/WEB_THUM_new_dimpul_copy_jpg_morigaon.jpg)
ডিজিটেল সংবাদ, মৰিগাওঁঃ মৰিগাঁৱত এটা ৰে'ল ক্ৰছিং গেটক কেন্দ্ৰ কৰি ক্ষুভিত ৰাইজ । তিনিখনকৈ যাত্ৰীবাহি ৰেল অৱৰোধ স্থানীয় ৰাইজৰ ।
বহুদিন ধৰি মৰিগাঁও জিলাৰ চনোৱাবড়ীত এটা অস্থায়ী ৰে'ল ক্ৰছিং গেট স্থাপন কৰি থৈছে ভাৰতীয় ৰে'ল বিভাগে। যাৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে স্থানীয় ৰাইজ , পথাচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে ।
সেয়েহে শুকুৰবাৰে স্থানীয় ৰাইজ আৰু বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে অতি শীঘ্ৰে ইয়াত এখন স্থায়ী ক্ৰছিং গেট নহলে অভাৰ ব্ৰিজ নিৰ্মাণ কৰাৰ দাবী উথাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ঘটনাস্থলীত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।