/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4f31d94b-950a-44da-b06c-f5a6ad1e341c/apdcl.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ সমগ্ৰ ৰাজ্যতে অনিয়মিত বিদ্যুৎ যোগানৰ বাবে অসন্তুষ্ট হৈ পৰিছে জনতা। ২৪ ঘন্টাই বিদ্য়ুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰক অনিয়মিত বিদ্যুৎ যোগানৰ বাবে সামাজিক মাধ্যমৰ যোগেদি শনিবাৰে প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অশিল গগৈয়ে।
ৰাজ্যৰ লগতে মৰিগাঁৱতো অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ মৰিগাঁও সদৰ ছাত্ৰসন্থাই মৰিগাঁও নগৰৰ মাজমজিয়াত APDCL ৰ প্ৰতিকৃতি দাহ কৰি বিদুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ সন্থাৰ কৰ্মী সকলে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ লগতে মৰিগাঁৱতো বিদু্ৎ নিয়মীয়া কৰি জনসাধাৰণক সকাহ দিবলৈ দাবী জনাই।