/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-14/axev2nvk/7.jpg)
ডিজিটেল সংবাদ,পবিতৰাঃ পৰ্যটকৰ বাবে মুকলি কৰা হ'ল এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য। দিনৰ ১০.৩০ বজাত ২০২৪-২০২৫ বৰ্ষৰ বাবে পবিতৰাৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই
বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমিপতে ফিটা কাটি অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰ, জাগীৰোড সম জিলাৰ আয়ুক্ত বিমান দাসৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল।
অৱশ্যে, পবিতৰাত জীপ চাফাৰি কৰিব পৰা পথ বন বিভাগে আজিও সুচল কৰা নাই। সেয়ে আজি হাডুকৰ উত্তৰ পাৰতেই ফিটা কাটে। উল্লেখ্য যে, ডাক বাংলাৰ সন্মুখত সাংবাদিকৰ প্ৰবেশ নিষেধ কৰা বুলি জনাইছে কৰ্তৃপক্ষই।
Also Read: ঐতিহাসিক জেৰাই গাঁৱত অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...