মায়ঙত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

মায়ঙত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

author-image
Asomiya Pratidin
New Update
মায়ঙত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

ডিজিটেল সংবাদ, মৰিগাঁও: জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে মৰিগাঁও জিলাৰ মায়ঙত "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত গোভালিৰ পৰা মায়ং পঞ্চায়ত কাৰ্যালয় অভিমুখে উলিওৱা এটা শোভাযাত্ৰাত হাতত অমৃত কলহ লৈ সতীভেটীৰ সোণাৰাম সেৱাশ্ৰমলৈকে পদব্ৰজে যাত্ৰা কৰে।

Advertisment

এই কাৰ্যসূচীত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মায়ঙৰ ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, স্থানীয় লোক, পঞ্চায়ত প্ৰতিনিধিসকল, আত্মসহায়ক গোটৰ মহিলাসকল আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰচণ্ড ৰ'দতো সকলোৱে উৎসৱমুখৰ পৰিৱেশত পৰম উৎসাহেৰে অমৃত কলহ যাত্ৰাত অংশ লয়।

ইয়াৰ পিছতেই মায়ং পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত আয়োজিত এখন সভাত অংশ লৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰথমেই এই শোভাযাত্ৰাত অংশ লোৱাৰ বাবে জলসম্পদ মন্ত্ৰীগৰাকীক আৰু প্ৰখৰ ৰ'দতো স্বতঃস্ফূৰ্তভাৱে ওলাই আহি শোভাযাত্ৰাত অংশ লোৱা জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ আহ্বানক্ৰমে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত অসমত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণে ব্যাপক উৎসাহ প্ৰদৰ্শন কৰিছে। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত ডঃ সংগীতা বৰঠাকুৰে উপস্থিত ৰাইজক পঞ্চ পণ পাঠ কৰোৱায়। অনুষ্ঠানৰ অংশৰূপে "মোৰ মাটি মোৰ দেশ" সম্পৰ্কে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাৰ্তা তথা এই কাৰ্যসূচীৰ শীৰ্ষগীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে প্ৰয়াস চলাইছে। এই কাৰ্যসূচী যাতে জিলাখনৰ গাঁৱে ভূঞে সকলো ঠাইলৈকে সম্প্ৰসাৰিত হয় আৰু ৰাইজে দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ হৈ স্বতঃস্ফুৰ্তভাৱে অংশ লয় সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত ঠায়ে ঠায়ে শোভাযাত্ৰা অনুষ্ঠিত কৰিছে।

এই শোভাযাত্ৰাসমূহত ৰাইজৰ বিপুল অংশগ্ৰহণ পৰিলক্ষিত হৈছে। সোমবাৰৰ পৰা জিলাখনৰ ৮৫ টা গাঁও পঞ্চায়তত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিটো অনুষ্ঠানত মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়ক, চৰকাৰী বিষয়া আৰু সমাজৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

১ অক্টোবৰলৈকে প্ৰত্যেকটো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰি ২ অক্টোবৰত এই সংগৃহীত মাটি অমৃত কলহত গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়লৈ অনা হৈছে। এটি গাম্ভীর্যপূর্ণ কাৰ্যসূচীৰে সমূহ গাঁও/ ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত এই মাটি দান কৰা হ'ব। ৮ আৰু ১৫ অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰা হ'ব। ২৫ অক্টোবৰত উন্নয়ন খণ্ড/ পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব।

২৬ অক্টোবৰত খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ'ব। ২৭ অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড/ পৌৰ এলেকাৰ পৰা সংগৃহীত ২০টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ'ব। ইয়াৰ পাছত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যাব।

Also Read: উন্নয়ণ ধোৱাঁচাঙতঃ নিমাতী কইনাৰ ৰূপত জনপ্ৰতিনিধি

piyush hazarika