/asomiyapratidin/media/media_files/2025/04/10/whZXsyFRbAbYOIRzCxuE.jpg)
ডিজিটেল সংবাদ জাগীৰোডঃ ‘‘আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নব্বৈ শতাংশ আসন দখল কৰিবলৈ সক্ষম হ'বl ইয়াৰ মূলতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নমূলক কামকাজৰ প্ৰতি ৰাইজৰ আস্থাl’’ এই মন্তব্য মন্ত্ৰী পীযুষ হজৰীকাৰ।
তেওঁ আৰু কয়, অসমত কেতবোৰ অঞ্চলত বিজেপিৰ শক্তিশালী স্থিতি নাইl এইবাৰ সেই অঞ্চলসমূহতো আমি পূৰ্বতকৈ ভাল ফলাফল পামl আনহাতে যিবোৰ অঞ্চলত আমাৰ ভাল স্থিতি আছে তাত আমাৰ মিত্ৰজোঁটে নব্বৈ শতাংশ আসন দখল কৰিমl
জাগীৰোড সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে চাৰিখন জিলা পৰিষদৰ আসনৰ আটাইকেইখন আৰু আঞ্চলিক পঞ্চায়তৰ ২৯ খন আসনৰ ২৮ খন দখল কৰিবলৈ সক্ষম হ'বl আজি জাগীৰোড সমষ্টিৰ জাগীভকত গাঁৱত দলীয় প্ৰাৰ্থীৰ মনোনয়ন পৰ্বৰ পূৰ্বে এক সভাত এইদৰে কয় ৰাজ্যৰ জলসম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক পীয়ুষ হাজৰীকাই।
জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সমবেত দলীয় প্ৰাৰ্থী তথা কেইবা সহস্ৰাধিক সমৰ্থকক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যতকৈ পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য নিৰ্বাচনত অধিক মনোনিবেশ কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়l উল্লেখ্য যে এই সভাত মন্ত্ৰীগৰাকীৰ লগতে অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, বিজেপিৰ মৰিগাওঁ জিলা সমিতিৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰ, বিজেপিৰ নেতাসকল উপস্থিত থাকেl
সভাৰ অন্তত জাগীৰোড সমজিলাৰ কাৰ্যালয়লৈ উলিওৱা বৃহৎ সমদলেৰে বিজেপিৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰেl মন্ত্ৰী হাজৰীকাই এই সমদলত অংশ লৈ দলীয় কৰ্মী সমৰ্থক তথা প্ৰাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰে।