/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/2b6j1szq/18.jpg)
ডিজিটেল সংবাদ,জাগিৰোডঃ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে জাগী ভকতগাঁৱত এক বিশেষ অনুষ্ঠানত জাগীৰোড সমজিলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰশাসনিক কাৰ্যসমূহ অধিক গতিশীল তথা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে কালিৰে পৰা ৰাজ্যখনত মুঠ ৩৯ খন সমজিলাৰ উদঘাটন কৰিছিল।
শুকুৰবাৰে বিশ্বনাথ আৰু শোণিতপুৰ জিলাত সমজিলা উদ্বোধন কৰাৰ অন্তত আজি মন্ত্ৰী হাজৰীকাই জাগীৰোড সমজিলাখন আনুষ্ঠানিকভাৱে উদঘাটন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/z1nq20aq/0d723ae4-64a4-4c02-b2bf-560f666ca13b.jpg)
এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে, জাগীৰোডবাসীৰ হৈ তেওঁ মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছে।এতিয়াৰে পৰা জাগীৰোডৰ উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/fdbt1kou/1cca74e5-6ad8-4e9f-97d6-e077a48d09d1.jpg)
আজিৰ অনুষ্ঠানত উপস্থিত জনতাক উদ্দেশ্যি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি বিগত সময়চোৱাত ১লাখ চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰিসংখ্যা অতিক্ৰম কৰি প্ৰায় ডেৰ লাখ প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত আগৰ কংগ্ৰেছ চৰকাৰৰ সময়ত থকাৰ দৰে দুৰ্নীতিৰ কথা কোনেও ক’ব পৰা নাই বুলি তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/yflym3x3/b9a8b63b-7c23-4253-99b4-65fd938237f2.jpg)
মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিৰ পোহাৰ ইমানেই অধিক আছিল যে মেধাৰ ভিত্তিত চাকৰি লাভ কৰাসকলকো সাধাৰণ ৰাইজে সন্দেহৰ চকুৰে চাইছিল। বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ এনে চাকৰিৰ মুকলি বেহা সম্পূৰ্ণ নিৰ্মূল কৰি একমাত্ৰ মেধাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰাটো সুনিশ্চিত কৰিছে। আনহাতে ১৯ লাখ পৰিয়ালৰে আৰম্ভ হোৱা অৰুণোদয় আঁচনি বিগত সময়ত প্ৰায় ২৭ লাখলৈ বৃদ্ধি কৰি এতিয়া ৩৭.২০ লাখ পৰ্যন্ত পৰিয়ালৰ মাজলৈ প্ৰসাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত কাম চলি আছে বুলি তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/yukxew15/8f502e0d-fbdd-4195-8fa7-a91fa47846c2.jpg)
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বানমুক্ত অসমৰ সপোনেৰে বৰ্তমানৰ চৰকাৰখনে অহৰহ কাম কৰি বিগত সময়ত ৰাজ্যখনত বানৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছে ।
এসময়ত অত্যন্ত বানপ্ৰৱণ জিলা হিচাপে পৰিচিত মৰিগাঁও জিলাখনক বিগত তিনিটা বছৰে কাম কৰি বানমুক্ত কৰি গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ একপ্ৰকাৰে সফল হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ প্ৰকোপ হ্ৰাস হোৱা বাবে মৰিগাঁও অঞ্চলৰ একোটা বৃহৎ অঞ্চলৰ অৰ্থনীতি এতিয়া সবল হ’বলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/iaucfyna/3272ece9-f339-4f01-9881-9fe663613529.jpg)
আনহাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জড়িয়তে চৰকাৰখনে ৰাজ্যখনৰ নিবনুৱা সকলক উদ্যোগীকৰণৰ এক নতুন পথ দেখুৱাইছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই জাগীৰোডৰো বহু যুৱক-যুৱতী ইয়াৰ দ্বাৰা উপকৃত হৈছে বুলি উল্লেখ কৰে।