মৰিগাঁৱত ফাৰ্মাচীৰ নাভূত নাশ্ৰুত কাণ্ড...

চিকিৎসকে লিখি দিয়া ঔষধৰ বিপৰীতে দিলে দেখিবলৈ একেই অন্য ঔষধ

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত ফাৰ্মাচীৰ নাভূত নাশ্ৰুত কাণ্ড...

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁৱত শিশুৰ জীৱনক লৈ হেতালি খেলিছে একাংশ ফাৰ্মাচীয়ে। চিকিৎসকে লিখি দিয়া ঔষধৰ সলনি দিলে দেখিবলৈ একেই অন্য ঔষধ। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা জে আৰ মেডিকেল নামৰ ফাৰ্মাচীখনৰ পৰা দেওবাৰে বিয়লি চিকিৎসকৰ পৰামৰ্শ অনুসৰি এজন ব্যক্তিয়ে নিজৰ ৪ বছৰীয়া শিশুৰ বাবে ক্ৰয় কৰিব গৈছিল NEOPEPTINE নামৰ ঔষধটো।

Advertisment

কিন্তু ফাৰ্মাচীখনে নিজৰ ইচ্ছা অনুযায়ী NEWPACKTIN নামৰ একেই দেখা অন্য এটা ঔষধ দিয়ে। ঔষধটোৰ ওপৰত সন্দেহ হোৱাত ব্যক্তিজনে নিজাববীয়াকৈ ঔষধটোৰ বিষয়ে তথ্য বিচাৰে যদিও কোনো তথ্য লাভ নকৰে। ইয়াৰ পিছতেই মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে ড্ৰাগছ ইন্সপেক্টৰ লগত যোগাযোগ কৰে।

ইয়াৰ পিছতেই ড্ৰাগছ ইন্সপেক্টৰে ফাৰ্মাচীখনত উপস্থিত হয় আৰু তদন্ত বাবে নমুনা সংগ্ৰহ কৰে। নিয়ম উলংঘা কৰাৰ বাবে ফাৰ্মাচীখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ড্ৰাগছ ইন্সপেক্টৰজনে মন্তব্য কৰে।

Also Read: মনহাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু গোনা ম'হৰ

health department of assam pharmacy drugs inspector