ধৰমতুল থানাৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ : আৰক্ষী বিষয়াৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন

ধৰমতুল থানাৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ : আৰক্ষী বিষয়াৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন
Published on
Updated on

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও ৰূপাইবড়ী গাঁৱৰ পুনানন্দ বৰা ওৰফে পোনা বৰা নামৰ এজন লোকে ঘৰৰ পিছফালে চৰকাৰী মাটিত থকা এটা পুখুৰীত জাল মাৰি মাছ ধৰিছিল ৷  কলংৰ মথাউৰি বনাবলৈ মাটি খান্দোতে সৃষ্টি হোৱা পুখুৰীতো নিজৰ দখলত থকা বুলি দাবী কৰা ধৰনী শইকীয়াৰ পৰিয়ালে মাছ ধৰাৰ বাবে পুনানন্দ বৰাৰ বিৰুদ্ধে ধৰমতুল থানাত অভিযোগ দিছিল ৷

যাৰ বাবে বিগত ২২ চেপ্তেম্বৰত ধৰমতুল থানাৰ ASI অৰূপ ডেকা ৰজাই থানালৈ মাতি লৈ যায় পুনানন্দ বৰাক৷ ভুক্তভোগীৰ অভিযোগ থানাত উপস্থিত হোৱাৰ পিছতে ASI গৰাকীয়ে ধন দাবী কৰে৷ ধন দিব নোৱাৰাৰ বাবে বুকুত ঘুঁচিয়াই দিয়াৰ লগতে বুট জোঁটাৰে পিছপিনৰ পৰা কঁকালত গুৰিয়াই আঘাতপ্ৰাপ্ত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷

ইয়াৰ পাছতে এটা কোঠাত বহুৱাই থওঁতে অচেতন হৈ পৰে পুনানন্দ বৰা ৷ ততাতৈয়াকৈ আঁহতগুৰি হাস্পতাললৈ আৰক্ষীয়ে লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ কঁকালত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে পুনানন্দ বৰাক এটা দিনৰ পিছতে মৰিগাঁও চিকিৎসকে ২৪ ছেপ্টেম্বৰত গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ দিয়ে যদিও আৰ্থিক অভাৱৰ বাবে যাব পৰা নাই৷

যাৰ ফলত বিচনাত পৰি থাকিব লগীয়া হৈছে ব্যক্তিজন। এই সমগ্ৰ ঘটনা বিষয়ে লিখিত ৰূপত মৰিগাঁও আৰক্ষী অধীক্ষকক জনাই ভুক্তভোগীয়ে ৷ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মানুহজন এনেকৈ আঘাতপ্ৰাপ্ত হৈ বিচনাত পৰি থকাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো ৷ এই সমগ্ৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে এটা ফেচবুক লাইভো কৰিছে ব্যক্তিজনে।

ধৰমতুল থানাৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ : আৰক্ষী বিষয়াৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন
নগাঁৱত অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in