বুৰাবুৰী আহমদীয়া মাদ্ৰাছাত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন

বুৰাবুৰী আহমদীয়া মাদ্ৰাছাত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
বুৰাবুৰী আহমদীয়া মাদ্ৰাছাত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন

ডিজিটেল সংবাদ, মায়ং: সমগ্ৰ দেশৰ লগতে শনিবাৰে মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী আহমদীয়া মাদ্ৰাছাতো স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰী মৌলনা আবুল কালাম আজাদৰ জন্ম দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। এই উপলক্ষে মাদ্ৰাছাখনৰ সভা গৃহত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলনা চাজ্জাদুৰ ৰহমান ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ শিক্ষক মৌলনা মিজানুৰ ৰহমানে।

Advertisment

ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে বক্তব্য আগবঢ়াই মাদ্ৰাছাখনৰ মুহাদদিছ শিক্ষক মুফতি মৌলনা ইব্ৰাহিম খলিল উল্লাহ, সাংবাদিক নজৰুল ইছলাম, পৰিচালনা সমিতিৰ সভাপতি হাজী আব্দুল কাদিৰ, সম্পাদক হাছিম আলী আৰু সদস্য হুছেইন আলীয়ে।

মৌলনা আবুল কালাম আজাদ ৰ বংশ পৰিয়ালৰ চমু পৰিচয়ৰ লগতে শৈশৱ ৰ পৰা আৰম্ভ কৰি তেখেতৰ পাণ্ডিত্য,ৰাজনীতি, স্বাধীনতা সংগ্ৰামৰ ইতিহাস আদি বিষয় বোৰ সামৰি বক্তব্য আগবঢ়াই আটাই কেইগৰাকী অতিথিয়ে।সভাৰ শেষত উপস্থিত থকা দুই শতাধিক ছাত্ৰ আৰু শিক্ষক সকলে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি সমূহীয়া দোৱা কৰে।

Also Read: বিশ্বনাথৰ গাঁও বিটিআৰত অন্তৰ্ভুক্ত : অবড়ো নেতা জোন দাসৰ সংবাদমেল

national education day